Breaking

ভূটানৰ ৰজাক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে, ৰজাক সম্বৰ্ধনা জনাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

0 116

ভূটানৰ ৰজাক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ‘ভূটানৰ ৰজাক আদৰণি জনাই সুখী, তেওঁৰ দৃষ্টিভংগীক আমি অতি গুৰুত্ব দিওঁ’, এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সোমবাৰে ভাৰতত ভ্ৰমণলৈ কৰিবলৈ আহে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ সৈতে অৰ্থনৈতিক সহযোগিতাকে ধৰি কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

বৈঠকৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, “ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুকক আদৰণি জনাই আনন্দিত হৈছো। আমাৰ উষ্ম আৰু উৎপাদনশীল বৈঠক হৈছিল। ভাৰত-ভূটানৰ সম্পৰ্কক নতুন দিশলৈ লৈ যোৱাৰ বাবে আমাৰ গভীৰ বন্ধুত্ব আৰু অহৰহ প্ৰচেষ্টা চলাই আছোঁ।”

আজি ৰাষ্ট্ৰপতি ভৱনত ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যেল ৱাংচুকক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

নতুন দিল্লীত থিম্ফুত চীনে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰচেষ্টাক লৈ কিছু উদ্বেগৰ মাজতে সোমবাৰে ভাৰত ভ্ৰমণ আৰম্ভ কৰে চুবুৰীয়া দেশখনৰ ৰজাই।

Leave A Reply