Breaking

প্ৰধানমন্ত্ৰী মোডীৰ নতুন গাড়ীঃ একে–৪৭ৰ গুলী, বিস্ফোৰণো হ’ব প্রতিৰোধ

0 2,041

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলা–ফুৰা কৰাৰ বাবে পূর্বে ব্যৱহাৰ কৰা হৈছিল ৰেঞ্জ ৰ’ভাৰ ভগ আৰু টয়োটা লেণ্ড ক্রুজাৰ গাড়ী৷ বিগত দুবছৰ ধৰি এই দুখন গাড়ীক প্রধানমন্ত্রী মোদীৰ বিশ্বস্ত সংগী হিচাপে দেখা গৈছিল৷ কিন্তু এইবাৰ বাহন সলনি কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ মোদীৰ যাতায়াতৰ নতুন সংগী হৈছে মার্চিডিজ মেবেক এছ ৬৫০ গার্ড৷ অত্যাধুনিক প্রযুক্তিৰ তথা মজবুট নিৰাপত্তা গাঁথনিৰ এই গাড়ী যেন বাস্তৱিকতেই ৰাষ্ট্রপ্রধানৰ যোগ্য বাহন৷ বর্মভেদী গুলী হওক, আনকি এ কে ৪৭ৰ গুলী, সকলো সহজতেই প্রতিৰোধ কৰিব পাৰে মার্চিডিজৰ এই নতুন মডেলে৷ চলিত মাহৰ প্রথম সপ্তাহত দুদিনীয়া ভ্রমণসূচী লৈ ভাৰতলৈ আহিছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ তেতিয়াই প্রথমবাৰৰ বাবে দিল্লীৰ হায়দৰাবাদ হাউছৰ পৰা মোদীক এছ ৬৫০ গার্ড গাড়ীত যাতায়াত কৰা দেখিবলৈ পোৱা গৈছিল৷

তেতিয়াৰে পৰাই মোদীৰ এই নতুন বাহনক লৈ বিভিন্ন মহলত ব্যাপক চর্চা চলিছে৷ যোৱা বছৰ মার্চিডিজৰ তৰফৰ পৰা ভাৰতত মুকলি কৰা হৈছিল এছ ৬০০ গার্ড৷ এই গাড়ীখনৰ মূল্য আছিল ১০.৫ কোটি টকা৷ এছ ৬৫০ৰ মূল্য হৈছে ১২ কোটি টকা৷ স্মর্তব্য যে মার্চিডিজৰ এছ ছিৰিজৰ গাড়ী সমগ্র পৃথিৱীতে ৰাষ্ট্রপ্রধানসকলৰ্ আটাইতকৈ প্রিয় বাহন৷ কিমান শক্তিশালী হ’ব পাৰে এই বাহন? জনা গৈছে যে এই গাড়ীৰ খিৰিকীত আছে পলিকার্বনেটৰ আস্তৰণ৷ ষ্টীলৰ বুলেটো প্রতিৰোধ কৰিব পাৰে এই পলিকার্বনেটৰ আস্তৰণে৷ ইয়াৰ সমান্তৰালকৈ বিস্ফোৰক প্রতিৰোধক তথা ই আৰ ভিৰ প্রলেপো আছে এই গাড়ীত৷ মাত্র ২ মিটাৰ দূৰত ১৫ কিঃ গ্রামৰ টি এন টি বিস্ফোৰণ ঘটিলেও গাড়ীখনৰ কোনো ক্ষতি সাধন নহ’ব৷ লক্ষণীয়ভাৱে গেছ আক্রমণো প্রতিৰোধ কৰিব পাৰিব এই গাড়ীয়ে৷

Leave A Reply