Breaking

অহা তিনিমাহলৈ বন্ধ থাকিব মোদীৰ ‘মন কি বাত’, ভ্লগাৰৰ বাবে নেছনেল ক্ৰিয়েটৰ এৱাৰ্ডৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

0 15

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰচাৰিত তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘মন কি বাত’ত ভাগ লয়। এই অনুষ্ঠানটো অৱশ্যে দেশবাসীয়ে অহা তিনিমাহলৈ শুনিবলৈ নাপাব। এই অনুষ্ঠানটো প্ৰতি ইংৰাজী মাহৰ শেষৰটো দেওবাৰে ৰেডিঅ’ত সম্প্ৰচাৰ কৰা হয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ পৰৱৰ্তী তিনি মাহৰ বাবে বন্ধ ৰখা হ’ব । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে এই কথা প্ৰকাশ কৰিছে। ‘মন কি বাত’ৰ ১১০ সংখ্যক খণ্ডত মোদীয়ে কয়, “লোকসভা নিৰ্বাচনৰ দিন আগবাঢ়ি আহিছে। নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহত কাৰ্যকৰী হ’ব। সেয়েহে, মন কি বাত পৰৱৰ্তী তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ’ব। মন কি বাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও অস্থায়ীভাৱে বন্ধ ৰখা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানত এক নতুন প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। সেই প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ’ব নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড। আজিকালি বহুতে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত ভ্লগিং কৰে। সেইসকল প্ৰতিভাশালীয়ে প্ৰায়ে বাছি লোৱা মুখ্য বিষয় হৈছে খোৱা-বোৱা ,ভ্ৰমণ কৰা, জীৱনশৈলী ইত্যাদি। মোদীয়ে কয় “মই বহুতকে তেওঁলোকৰ সংস্কৃতি আৰু ভাষা জীয়াই ৰাখিবলৈ নিস্বাৰ্থভাৱে কাম কৰা দেখিছোঁ।’’ প্ৰধানমন্ত্ৰীয়ে তেনে ভ্লগাৰসকলক দেশত প্ৰথমবাৰৰ বাবে ভোটদা কৰিবলগীয়া ভোটাৰসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ সকলোকে চৰকাৰৰ ‘নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড’ অভিযানত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।

Leave A Reply