বহুকেইটা কাৰ্যসূচীৰে আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

পুৱা ১১ বজাত শিলচৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

শিলচৰৰ অম্বিকাপুৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা।

জনসভাত প্রায় দুই লাখ লোক উপস্থিত থকাৰ সম্ভাৱনা।

শিলচৰত মুঠ ২৩,৫৫০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

শ্বিলং-শিলচৰ হাইস্পীড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব।

২২,৮৬০ কোটি টকাৰে নিৰ্মাণ হ’ব হাইস্পীড কৰিডৰ, হ্রাস কৰিব গুৱাহাটী-শিলচৰ ভ্ৰমণৰ সময়।

প্ৰধানমন্ত্ৰীয়ে শিলচৰ নগৰ উৰণ সেতুৰো ভূমিপূজন কৰিব।

আনহাতে পাথাৰকান্দিৰ কৃষি মহাবিদ্যালয়ৰো শিলান্যাস কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।

Related Articles