PM Narendra Modi: উন্নয়নৰ বাৰ্তা লৈ প্ৰধানমন্ত্ৰীৰ অসম আগমণক ৰাজ্যিক বিজেপিৰ উষ্ম আদৰণি

ৰাজ্যবাসীলৈ উন্নয়নৰ (PM Narendra Modi) বাৰ্তা লৈ অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক ৰাজ্যিক বিজেপিয়ে উষ্ম আদৰণি জনাইছে৷ আজি বাজেপয়ী ভৱনৰ পৰা এক প্ৰেছ বিবৃতি জৰিয়তে ৰাজ্যিক মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে এই বিষয়ে সদৰী কৰি কয় যে, প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিটো ভ্ৰমণতেই অসমবাসীয়ে লাভ কৰে একোটি নতুন উপহাৰ৷ এইবাৰৰ ভ্ৰমণত প্ৰাধনমন্ত্ৰী গৰাকীয়ে অসমৰ ৰেল সংযোগ ব্যৱস্থাৰ এক নতুন সংযোজনৰ দিশে আগবাঢিছে৷ অসম ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী পৰা কলকতালৈ চলাচল কৰিব লগা ভাৰতৰ প্ৰথম বন্দেভাৰত শ্লীপাৰ ট্ৰেইন তথা লক্ষ্ণৌ আৰু ৰোহতক সংযোগ কৰা দুখন নতুন অমৃত ভাৰত ট্ৰেইনৰ ফ্লেগ অফ কৰি ৰাইজলৈ উচৰ্গা কৰিব৷ ইয়াৰোপৰিও ভাৰত আৰু ভূটান সংযোগী কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত নতুন ৰেলৱে লাইনৰ শিলান্যাস কৰিব৷


অসম চৰকাৰে অসমৰ সংস্কৃতি বিহু নৃত্য আৰু ঝুমুৰ নৃত্যক যেনেকৈ বিশ্বৰ মঞ্চলৈকে লৈ গৈছে ঠিকতেনেকৈ এইবাৰো অসমৰ অন্য এক লোকনৃত্য তথা বড়ো জনগোষ্ঠীসকলৰ বাগৰুম্বা নৃত্যকো বিশ্ব দৰবাদৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰ নৃত্য শিল্পীয়ে গুাৱাহাটী সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব৷ ইয়াৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাত ৬৯০০ কোটি টকা ব্যয়ৰে হ’বলগা প্ৰায় ৩৪ কিলোমিটাৰ কাজিৰঙা এলিভেটেড কৰিডৰৰো শিলান্যাস কৰিব৷
এন ডি এ চৰকাৰৰ দিনতেই ৰাজ্যখনে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও অভিলাষী প্ৰকল্প যাৰ ভিতৰত গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ, গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প, পলাশবাৰী-শুৱালকুছি সংযোগী দলং, ধুবুৰী-ফুলবাৰী সংযোগী দলং, নাৰেঙ্গী কুৰুৱা সংযোগী দলং, ধলা-শদিয়া [ড॰ ভূপেন হাজৰিকা সেতু] দলং, কামাখ্যা কৰিডৰ, এইমছ্‌ গুৱাহাটী, জাগীৰোডৰ ছেমি-কণ্ডাক্টৰ প্ৰকল্প, শিলচৰৰ প্ৰস্তাৱিত গ্ৰীণ ফিল্ড বিমান বন্দৰ আৰু নুমলীগড়ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰিব পৰা বায়’ৰিফায়নাৰী প্ৰকল্প আদি অন্যতম৷

বিগত এটা দশকত ভৱিষ্যদ্ৰষ্টা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাতেই কোনোধৰণৰ দাবী অথবা আন্দোলন নকৰাকৈয়ে কংগ্ৰেছৰ আমোলত অৱহেলিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আজি উন্নয়নৰ দিশত দেশৰ বাকী অংশৰ লগত সমানে খোজ মিলাবলৈ সক্ষম হৈছে৷ আনহাতে, এই পৰ্যন্ত প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩৫ বাৰতকৈ অধিক অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে যিটো দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত এক অভিলেখ হিচাপে পৰিগণিত হৈছে৷ স্বকীয় উদ্যোগত বৃহৎ প্ৰকল্পৰ কথাটো বাদেই, অসমৰ পৰা ৰাজ্যসভাৰ প্ৰতিনিধি হোৱা স্বত্বেও পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নিজৰ ১০ বছৰীয়া কাৰ্যকালত ১০ বাৰো অসম ভ্ৰমণ কৰা নাছিল৷ তাৰ পূৰ্বেও নতুন উদ্যোগ স্থাপন দূৰৰ কথা, অসমক বিদেশীৰ চৰণীয়া পথাৰ হিচপে এৰি দি কংগ্ৰেছে নামৰূপৰ সাৰ কাৰখানা আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পশ্চিম বংগলৈ নিয়াৰহে ষড়যন্ত্ৰ কৰিছিল৷ এনেবোৰ কথাই এহাতে অসমৰ জনসাধাৰণৰ প্ৰতি বিজেপি দলৰ দায়বদ্ধতা পৰিস্ফুট কৰে আৰু অন্যহাতে কংগ্ৰেছৰ অৱহেলাৰ ছবিখন প্ৰকট কৰি তোলে৷

Related Articles