PM Narendra Modi: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (PM Narendra Modi) মোদীৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী। আজি বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আজি লুইতৰ বুকুত IWTৰ ‘চৰাইদেউ’ জাহাজত প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আজি নামৰূপত নতুন সাৰ কাৰখানাৰ ভূমি পূজনৰ লগতে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে নামৰূপবাসী।


Related Articles