সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয় নৰেন্দ্ৰ মোডী। মঙলবাৰে তেওঁ AI সন্মিলনত অংশগ্ৰহণ কৰে। তাত প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ভাল বেয়া দিশৰ ওপৰত আলোকপাত কৰে।(PM Narendra Modi)
ভাৰতত বিনিয়োগৰ বাবে এয়াই উপযুক্ত সময়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ শীৰ্ষ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগিক কোম্পানীসমূহক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাই এই বাৰ্তা প্ৰদান কৰে। পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত মোদীয়ে কয় যে ভাৰতৰ উদ্যোগ খণ্ডত বিনিয়োগৰ বাবে সকলো সুবিধা আৰু ব্যৱস্থা কৰা হৈছে। এতিয়া সকলোৰে প্ৰগতি ভাৰতৰ প্ৰগতিৰ লগত জড়িত হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বিমান পৰিবহণ খণ্ডক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয়, “পূৰ্বতে ভাৰতীয় কোম্পানীয়ে বিদেশত বিমানৰ বৃহৎ অৰ্ডাৰ দিছিল।” এতিয়া আমি ১২০টা নতুন বিমানবন্দৰ (ভাৰতত) খুলিবলৈ ওলাইছো। “তেন্তে ভাবি চাওক সেই ক্ষেত্ৰত ভৱিষ্যত কিমান সুন্দৰ।”
পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত দেশখনে ‘উন্নত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই উত্তম সময়। তেওঁ কয়, “যোৱা দশকত ভাৰতত পৰিৱৰ্তন লক্ষ্য কৰিছে আপোনালোকে।” বিভিন্ন সংস্কাৰৰ জৰিয়তে বিনিয়োগ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি। অতি সোনকালেই ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব।’ তেওঁ লগতে কয় যে ভাৰত এতিয়া বিনিয়োগৰ গন্তব্যস্থান। আমি এতিয়া অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম অভিযানো আৰম্ভ কৰিছো। “ৰক্ষা খণ্ডতো ‘মেক ইন ইণ্ডিয়া’ৰ পদক্ষেপক উৎসাহিত কৰা হৈছে।”
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ফ্ৰান্স চিইঅ’ ফ’ৰামত ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ ফলস্বৰূপে ভাৰতত বিনিয়োগৰ পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ ওপৰতো আলোকপাত কৰে। ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু দুয়োখন দেশৰ বৃহৎ কোম্পানীসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ সৈতে একেখন মঞ্চত উপস্থিত হোৱাটো মোৰ বাবে এক আনন্দৰ কথা। যোৱা দুবছৰৰ ভিতৰত এয়া আমাৰ ষষ্ঠখন বৈঠক। “যোৱা বছৰ ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰপতি মেক্ৰন।”আজি মাৰ্চেইলৰ মাজাৰগেছ যুদ্ধ শ্মশান পৰিদৰ্শন কৰাৰ কথা আছে মোডী আৰু মেক্ৰনে। যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মোদীয়ে। পাৰমাণৱিক শক্তিৰ ওপৰতো দুয়ো ৰাষ্ট্ৰপতিৰ মাজত আলোচনাৰ সম্ভাৱনা আছে।

