PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন, সকলো ধৰণৰ সহায়ৰ লগতে বানাক্ৰান্তৰ পুনৰ সংস্থাপনৰ আশ্বাস মোদীৰ

অসমত এতিয়া বান।(PM Narendra Modi) ৰাজ্যৰ ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত পৰিছে, এতিয়ালৈকে মৃত্যু ঘটিছে ১১ জন লোকৰ। অসমৰ বানৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। অসমৰ বানকলৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেয়ে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ খবৰ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এক পোষ্টৰ জড়িয়তে ৰাজহুৱা কৰে এই কথা ৷

মুখ্য়মন্ত্ৰীৰ পোষ্টটো আছিল এনেধৰণৰ- ‘‘কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ ৷ অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানৰ সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ ।

আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযান তথা এই দুৰ্যোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়েও তেখেতক অৱগত কৰিলোঁ । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আমালৈ সহায়-সহযোগিতা আৰু বান আক্ৰান্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে । তেখেতৰ পথ প্ৰদৰ্শন আৰু আমাৰ প্ৰতি সহায়ৰ বাবে অসমবাসীৰ হৈ আমি কৃতজ্ঞ হৈ ৰ’ম ৷’’তদুপৰি অসমৰ বান পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীগৰাকী সাজু বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

Related Articles