নলবাৰী ১৫ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “মন কী বাত” শীৰ্ষক অনুষ্ঠান

প্ৰতিটো মাহৰ শেষৰ ৰবিবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ বিজেপিৰ বুথ সমূহত অনুষ্ঠিত কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সেইমৰ্মে নলবাৰী জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত শীৰ্ষক অনুষ্ঠান । নলবাৰী চহৰৰ ১৫ নং ৱাৰ্ডৰ ১২২ নং বুথত অনুষ্ঠিত কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত শীৰ্ষক অনুষ্ঠান । তদুপৰি মন কী বাত অনুষ্ঠানৰ লগত সংগতি ১৫ নং ৱাৰ্ডৰ উন্নয়ন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰা হয়। ৱাৰ্ড কমিচনাৰ ৰূপন জ্যোতি শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত ১৫ নং ৱাৰ্ডত থকা সমস্যা তথা উন্নয়নৰ হকে কৰিব লগীয়া বিষয় সন্দৰ্ভত বিষদভাৱে আলোচনা কৰাৰ লগতে যোগ দিৱস উদযাপন কৰা সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়।

এই অনুষ্ঠান তথা বৈঠকত উপস্থিত থাকে নলবাৰী পৌৰ সভাৰ ১৫ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰূপন জ্যোতি শৰ্মা,ৱাৰ্ড টোৰ ১২২ নং বুথৰ সভাপতি ভাস্কৰ জ্যোতি মালাকৰ,সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰাজবংশী,বিজেপি ৰাজ্যিক পৰ্য্যায়ৰ সদস্য ৰাজীৱ ডেকা সহ বুথটোৰ বিষয়ববীয়া অৰু অন্য সদস্য সকল উপস্থিত থাকে ।

Related Articles