PM’s message to Pakistan: সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ, সেন্দূৰ মোৰ তেজে তেজে প্ৰবাহিত হৈ আছে: প্ৰধানমন্ত্ৰী মোদী

পুনৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী।(PM’s message to Pakistan)সিন্দূৰ অভিযানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ ভূমিত উপস্থিত হয়। বৃহস্পতিবাৰে বিকানেৰ আৰু পালানাত তেওঁ জনসভা সম্বোধন কৰে। এই জনসভাৰ পৰা তেওঁ পহলগাম আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয় যে ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় সুধি আমাৰ ভগ্নীসকলৰ শিৰৰ সেন্দূৰ মচি পেলাইছিল। গুলী পহলগামত চলিছিল, কিন্তু সেই গুলীবোৰে ১৪০ কোটি দেশবাসীৰ বুকুত আঘাত দিছিল। তাৰ পাছত প্ৰতিগৰাকী দেশবাসীয়ে একত্ৰিত হৈ সংকল্পবদ্ধ হৈছিল যে সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়া হ’ব । তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি দিয়া হ’ব । দেশৰ সেনাৰ সাহসিকতাৰ বাবে আমাৰ সকলোৰে উক্ত প্ৰতিশ্রুতি পূৰণ হ’ল । আমাৰ চৰকাৰে সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে । সেনাৰ তিনিওটা বাহিনীয়ে মিলি এনে এক চক্রবেহু ৰচনা কৰে যে পাকিস্তানে আঁঠু ল’বলৈ বাধ্য হয় ।

২২ এপ্ৰিলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ২২ মিনিটতে সন্ত্ৰাসবাদীৰ ৯টা আটাইতকৈ ডাঙৰ ঘাটি ধ্বংস কৰা হৈছে । বিশ্বই, দেশৰ শত্রুসকলে দেখিলে যে যেতিয়া সেন্দূৰ বাৰুদলৈ ৰূপান্তৰ হয়, তেতিয়া ইয়াৰ পৰিণাম কি হ’ব পাৰে ।প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো এক কাকতালীয় কথা যে ৫ বছৰ পূৰ্বে বালাকোটত দেশে বিমান আক্ৰমণ কৰিছিল । তাৰ পিছতো তেওঁ প্ৰথম জনসভা ৰাজস্থান সীমান্তত সম্বোধন কৰিছিল । এতিয়া অপাৰেশ্যন সেন্দূৰৰ পাছতো তেওঁ প্ৰথম জনসভা এই বীৰভূমিতে সম্বোধন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে সেন্দূৰ মচিবলৈ আহিছিল, তেওঁলোকক মাটিত মিহলাই দিয়া হৈছে । যিয়ে হিন্দুস্তানৰ ৰক্ত বোৱাবলৈ চেষ্টা কৰিছিল, আজি সিহঁতৰ ওপৰত গণি গণি প্ৰতিশোধ লোৱা হৈছে । সিহঁতে ভাবিছিল যে ভাৰত মনে মনে থাকিব । যিয়ে নিজৰ অস্ত্ৰৰ ওপৰত অহংকাৰ কৰিছিল, আজি সিহঁত ধ্বংসস্তূপৰ মাজত চেপা খাই আছে । এয়া কেৱল প্ৰতিশোধৰ খেল নহয়, ন্যায়ৰ নতুন স্বৰূপ । এয়া হৈছে অপাৰেশ্যন সেন্দূৰ । এয়া কেৱল আক্রোশ নহয়, এয়া হৈছে শক্তিশালী ভাৰতৰ ৰৌদ্ৰ ৰূপ ।

এয়া হৈছে ভাৰতৰ নৱতম ৰূপ । তেওঁ কয় যে প্ৰথমে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিলোঁ, এতিয়া পোনে পোনে বুকুত আঘাত কৰা হৈছে । সন্ত্ৰাসবাদৰ পুলি-পোঁখা উভলাৰ এয়াই হৈছে নীতি, এয়াই ৰীতি । এয়াই হৈছে নতুন ভাৰত । এতিয়া সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ৩ সূত্র আছে । প্ৰথম, ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে কঠোৰ উত্তৰ পাব । সময় আমাৰ সেনাবাহিনীয়ে নিৰ্ধাৰণ কৰিব । পদ্ধতিও সেনাই নিৰ্ধাৰণ কৰিব আৰু চৰ্তও আমাৰ হ’ব । দ্বিতীয়, পৰমাণু বোমাৰ ভাবুকিত ভাৰত ভয় খোৱাবিধৰ নহয় । তৃতীয়, সন্ত্ৰাসবাদৰ ৰূপকাৰ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চৰকাৰক পৃথক পৃথক ভাবে চোৱা নহ’ব । দুয়োকে একেই গণ্য কৰা হ’ব । পাকিস্তানৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যকলাপৰ খেল নচলিব ।

Related Articles