বিত্তীয় সেৱা বিভাগে ১ জুলাইৰপৰা ৩০ ছেপ্টেম্বৰলৈকে সকলো গাঁও পঞ্চায়তকে প্ৰধানমন্ত্ৰী জন ধন যোজনা (PMJDY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) আৰু অটল পেঞ্চন যোজনা (APY)-কে প্ৰমুখ্য কৰি বিত্তীয় অন্তৰ্ভুক্তিৰ মূল ধ্বজাবাহী আঁচনিসমূহৰে সংযুক্তকৰণৰ লক্ষ্যৰে এটি ৰাষ্ট্ৰজোৰা তিনি-মহীয়া অভিযানৰ শুভাৰম্ভ কৰিছে। গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিত্তীয় সুৰক্ষা আৰু স্থিতিস্থাপকতাক উৎসাহিতকৰণেৰে প্ৰতিগৰাকী যোগ্য নাগৰিকে উক্ত আঁচনিসমূহৰ সা-সুবিধা লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অসমৰ সকলো বেংকে ১ জুলাইৰপৰা এই অভিযানৰ আৰম্ভ কৰিছে আৰু ৭ জুলাইলৈকে ৰাজ্যখনৰ ২৭ খন জিলাত ২৬১ টা শিবিৰৰ আয়োজন কৰা হৈছে।
এই অভিযানত পিএমজেডিৱাই-ৰ অধীনস্থ বৰ্তমানৰ নিষ্ক্ৰিয় ছেভিংছ বেংক একাউন্টৰ কেৱাইচি-ৰ পুনৰ পৰীক্ষণ আৰু ইয়াৰ অধীনত বেংকিং ব্যৱস্থাৰে সংযুক্ত নোহোৱা প্ৰাপ্তবয়স্কসকলৰ বাবে নতুন বেংক একাউন্ট খোলাৰ দৰে মূল কাৰ্য্যকলাপসমূহত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও জীৱন আৰু দুৰ্ঘটনা বীমা ক’ভাৰেজ আগবঢ়াবলৈ পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই-ৰ অধীনত যোগ্য ব্যক্তিসকলক অন্তৰ্ভুক্তিকৰণত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি এই অভিযানে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত অৱসৰৰ পৰিকল্পনাক প্ৰসাৰিতকৰণৰ অৰ্থে অটল পেঞ্চন যোজনা (APY)-ত অন্তৰ্ভুক্তিৰ বাবে উৎসাহিত কৰিছে। ডিজিটেল জালিয়াতি প্ৰতিৰোধ, আনক্লেইমড ডিপ’জিট লাভ আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তুলিবলৈ সজাগতা অধিবেশনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

এই সন্দৰ্ভত অসমৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে.বি. এক্কাৰ অধ্যক্ষতাত ২৪ জুনত জনতা ভৱনত বিশেষ ৰাজ্যিক পৰ্য্যায়ৰ বেংকাৰ কমিটিৰ (SLBC) এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত অসমৰ সকলো গাঁও পঞ্চায়ততে চেচুৰেচন অভিযানৰ সফল ৰূপায়ণক সুনিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত এছএলবিচি-ৰ আহ্বায়ক তথা ভাৰতীয় ষ্টেট বেংকৰ মহা প্ৰৱন্ধক শ্ৰী ছফল ত্ৰিপাথীয়ে সকলো সদস্য বেংককে এই অভিযানক সাফল্যমণ্ডিত কৰি তুলিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।
বিত্তীয় সেৱা বিভাগে গ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় পদক্ষেপ তৃণমূল পৰ্য্যায়ৰ লোকসকলক গুৰুত্বপূৰ্ণ বিত্তীয় সেৱা, বীমা ক’ভাৰেজ আৰু পেঞ্চনৰ সুবিধা প্ৰদানৰ দিশত এক উল্লেখযোগ্য ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। তদুপৰি ইয়াৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিত্তীয় সাক্ষৰতা আৰু ডিজিটেল সজাগতা বৃদ্ধি কৰা, যিয়ে সামগ্ৰিক বিকাশ আৰু অৰ্থনৈতিক সবলীকৰণৰ বিস্তৃত লক্ষ্যকে সমৃদ্ধ কৰে।