Breaking

চীনৰ পিছত আমেৰিকাত বিয়পিছে নিউমোনিয়া, ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানক…

0 40

চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ নিউমোনিয়াৰ প্ৰভাৱ দেখা পোৱাৰ পিছত এতিয়া আমেৰিকা আৰু ডেনমাৰ্কত শিশুৰ ক্ষেত্ৰত নিউমোনিয়াৰ ৰোগী ধৰা পৰাৰ পৰিছে। কিন্তু ইয়াক কোনো বিপদৰ লক্ষণ বুলি কোৱাৰ পৰিৱৰ্তে ইয়াক সাধাৰণ মাইকোপ্লাজমা নিউমোনিয়াৰ সংক্ৰমণ বুলি কোৱা হৈছে। চীনৰ পিছত আমেৰিকাৰ অহাইঅ’ ৰাজ্যত শিশুৰ নিউমোনিয়াৰ ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ বাহিৰেও ডেনমাৰ্ক আৰু নেদাৰলেণ্ডতো ইয়াৰ ৰোগী ধৰা পৰিছে। এই ৰহস্যময় নিউমোনিয়াক হোৱাইট লাং চিণ্ড্ৰম নাম দিয়া হৈছে। এই ৰোগত বেছিকৈ ৩-৮ বছৰ বয়সৰ শিশু আক্ৰান্ত হয়। এই ৰোগ কিয় হৈছে তাৰ কোনো সুনিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু একাংশ লোকে কৈছে যে এই ৰোগৰ কাৰণ হৈছে মাইকোপ্লাজমা নিউমোনিয়া বেক্টেৰিয়াৰ সংক্ৰমণ। এই সংক্ৰমণৰ বাবে হাওঁফাওঁ আক্ৰান্ত হয়।

এই ৰহস্যজনক ৰোগটোক White Lung Syndrome নাম দিয়া হৈছে কাৰণ ইয়াৰ দ্বাৰা আক্ৰান্ত হ’লে হাওঁফাওঁত বগা দাগ ওলাবলৈ আৰম্ভ কৰে। এই ৰোগৰ বাবে হাওঁফাওঁত ফুলি উঠে। যাৰ বাবে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰত সমস্যা হ’ব পাৰে। আৰম্ভণিতে ই মৃদু যদিও পিছত গুৰুতৰ হ’ব পাৰে। White Lung Syndromeৰ ফলত ডিঙি বিষ, জ্বৰ, ক্লান্তি, ঠাণ্ডা অনুভৱ কৰা, উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। হাঁচি বা কাহৰ সময়ত নিৰ্গত হোৱা টোপালৰ জৰিয়তে ই আন এজন ব্যক্তিক সংক্ৰমিত কৰিব পাৰে। ইয়াৰ উপৰিও লেতেৰা হাতৰ জৰিয়তেও বিয়পিব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত বেছিভাগ ৰোগ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে প্ৰতিৰোধ কৰিব পাৰি। গতিকে এই ৰোগ প্ৰতিৰোধৰ বাবে কিছুমান কতা মনত ৰাখি-

খাদ্য খোৱাৰ আগতে বা মুখ স্পৰ্শ কৰাৰ আগতে চাবোনেৰে হাত ভালদৰে ধুব লাগে।

হাঁচি মাৰি থাকোঁতে মুখ আৰু নাক ঢাকি ৰাখিব লাগে।

ব্যৱহৃত টিছু কেৱল ডাষ্টবিনত পেলাব লাগে ইফালে সিফালে মুকলি ঠাইত পেলাই নিদিব।

অসুস্থ হ’লে ঘৰত থাকক আৰু বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক।

বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰক।

যদি বাহিৰত পানী নাথাকে তেন্তে চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰক।

মুকলি ঠাইত ৰখা যিকোনো বস্তু খাব নালাগে।


Leave A Reply