Breaking

কবি, প্ৰবন্ধকাৰ তথা বিশ্বনাথ জিলাৰ বিহালীৰ কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ ২০২১ বৰ্ষৰ “বৰ্ষশ্ৰেষ্ঠ কবি” সন্মান

0 2,032

বিশ্বনাথ জিলাৰ, বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত নাচবৰ  (ক ) গাওঁৰ নিবাসী প্ৰেম বৈষ্ণৱলৈ, অসমৰ অগ্ৰণী প্ৰকাশন দিগদৰ্শনে চলিত বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ কবি হিচাপে নিৰ্বাচিত কৰিছে  । প্ৰেম বৈষ্ণৱ পিতৃ শ্ৰী প্ৰহ্লাদ বৈষ্ণৱ আৰু মাতৃ শ্ৰী বাসন্তী বৈষ্ণৱৰ ঔৰষত ১৯৭৬ চনত নাচবৰ ( ক ) গাওঁত জন্ম হৈছিল । জ্যেষ্ঠ ভাতৃ শ্ৰী সুকুমাৰ বৈষ্ণৱ,  ভন্টি শ্ৰী সৰস্বতী বৈষ্ণৱদাস আৰু অৰুণা ধৰ বৈষ্ণৱ ( পুজা ) ৰ পৰা অনুপ্ৰাণিত হোৱাৰ লগতে তেখেতৰ পুত্ৰ দ্বয় ক্ৰমে কৌশিক বৈষ্ণৱ আৰু ৰিয়ম বৈষ্ণৱৰ পৰা লিখা-মেলা কৰাৰ বাবে সদায়েই অণুপ্ৰেৰণা পাই আহিছে । মহাবিদ্যালয়ত খোজ দিয়াৰে পৰা লিখা-মেলা কৰা  আৰম্ভণি কৰে যদিও বিভিন্ন অসুবিধাৰ বাবে পিছলৈ সেই ধাৰাবাহিকতা ধৰি ৰাখিবলৈ অসমৰ্থ হৈছিল ।কবি শ্ৰী প্ৰেম বৈষ্ণৱৰ , ১৯৯৪ চনত  মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয় আৰু  পূৱ বিহালী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ হাইয়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ  বিহালী মহাবিদ্যালয়ত কলা শাখাত নাম ভৰ্তি কৰে আৰু ২০০০ চনত স্নাতক উত্তীৰ্ণ হয় । ১৯৯৭ চনত, শংকৰদেৱ শিশু নিকেতন, বেদেতীত সহকাৰী আচাৰ্য ( শিক্ষক ) হিচাপে যোগদান কৰে । পৰৱৰ্তী সময়ত বিভাগীয় নিৰ্দেশনা অনুসৰি ২০০২ চনত, শংকৰদেৱ শিশু নিকেতন বৰগাঙত প্ৰধান আচাৰ্য হিচাপে যোগদান কৰে আৰু  ২০০৭ চনলৈকে প্ৰধান আচাৰ্য হিচাপে সেৱা আগবঢ়ায় । ২০১৭ চনত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ত টেট  শিক্ষক  হিচাপে নিযুক্তি লাভ কৰে আৰু বৰ্তমান সেই একেখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছে । নিজৰ দক্ষতা আৰু বিচক্ষণতাৰ বাবেই, যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে , ৬০তম ৰাষ্টীয় শিক্ষক দিৱসৰ লগত সংগতি ৰাখি, ২০২১ বৰ্ষৰ কৃতী শিক্ষক হিচাপে স্বীকৃতি লাভ কৰে । প্ৰেম বৈষ্ণৱ এগৰাকী নিষ্ঠাবান শিক্ষক হোৱাৰ লগতে সমাজৰ সকলো গঠনমূলক কামৰ সৈতে ওত :প্ৰোত  ভাৱে জড়িত এগৰাকী জনপ্ৰিয় সামাজিক ব্যক্তি । তেখেতৰ কাপেৰে নিগৰি অহা কবিতা তথা বিভিন্ন বিষয়ৰ প্ৰৱন্ধ আদি বিভিন্ন বাতৰি কাকতত প্ৰায়েই  প্ৰকাশিত হোৱাৰ সমান্তৰাল কৈ  সামাজিক গণমাধ্যম ফেচবুকতো প্ৰকাশ পাই আহিছিল । সেয়ে বৰ্তমান সময়ত প্ৰেম বৈষ্ণৱ  এগৰাকী জনপ্ৰিয় ব্যক্তি । ইতিমধ্যে  তেখেতৰ তিনিখন কাব্যসংকলন প্ৰকাশৰ দুৱাৰদলিত  , প্ৰথম কাব্যসংকলন  ” মোৰ সপোনৰ দস্তাবেজ” কাব্যসংকলনটি অক্টোবৰ মাহৰ ৩ তাৰিখে  যোৰহাটত , প্ৰজ্ঞাকস্তুৰীৰ চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানটিত শুভ উন্মোচন কৰা হ’ব ,  দ্বিতীয় কাব্যসংকলন , “মই তোমাৰ আজন্ম প্ৰেমিক” নামৰ কাব্যসংকলনটি,  কুঁহিপাত সাহিত্য চৰ্চাৰ মঞ্চৰ বৰ্ষপুতিত অনুষ্ঠানত আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হ’ব   আৰু তৃতীয় কাব্যসংকন টি হ’ল  “মোৰ হৃদয়ৰ স্পন্দনত কেৱল মাথোঁ তুমি ”  উক্ত কাব্যসংকলন টি চলিত মাহৰ ২৬ তাৰিখে,  যোৰহাটত দিগ্‌দৰ্শনৰ অষ্টাদশ বৰ্ষপুতি উপলক্ষে আয়োজিত   অনুষ্ঠানটিত শুভ উন্মোচন কৰা হ’ব  আৰু একেখন সভাতে  বিশ্বনাথ জিলাৰ,  বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা  ২০২১ বৰ্ষৰ কৃতী শিক্ষকৰ স্বীকৃতি পোৱা  প্ৰেম বৈষ্ণৱলৈ অসমৰ অগ্ৰণী প্ৰকাশন দিগদৰ্শন প্ৰকাশনৰ তৰফৰপৰা, যোৰহাটৰ বিজ্ঞান কেন্দ্র তাৰকাগৃহ,  প্ৰেক্ষাগৃহত  ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখে  “”বৰ্ষশ্ৰেষ্ঠ কবি'”  হিচাপে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা পত্ৰ , জাপি , চেলেং , শৰাই, ফুলাম গামোচা , স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হ’ব

Leave A Reply