Breaking

কবি ফুল চাংমাই গগৈলৈ ২০২১ বৰ্ষৰ “দিখৌ পাৰৰ সাহিত্য বঁটা”

0 2,064

 নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ প্ৰভাতীপুৰৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, শিশু সাহিত্যিক – কবি ফুল চাংমাই গগৈলৈ আগবঢ়োৱা হৈছে সমাজসেৱিকা কুশলতা শইকীয়া সোঁৱৰণী ২০২১ বৰ্ষৰ “দিখৌ পাৰৰ সাহিত্য বঁটা”। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শিমলুগুৰি শাখা সাহিত্য সভাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটা প্ৰতিবছৰে বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ সমাজ, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰদান কৰা হব। চলিত বৰ্ষৰ বটাঁ প্ৰাপক ফুল চাংমাই গগৈয়ে দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত শিশুসকলৰ উপযোগীকৈ কেইবাখনো শিশু গ্ৰন্থ প্ৰকাশ কৰে। “ইৰাণৰ সাধু শুনো আহা, ইণ্ডোনেছিয়াৰ সাধু, নেপালৰ সাধু, থাইলেণ্ডৰ সাধু, চাওতালীৰ সাধু, ইয়ো এক গল্প (দেশ বিদেশৰ জনশ্ৰুতিমূলক গল্প), শিৱসাগৰ জিলাৰ আহোম যুগৰ স্হাপত্য, অসম ইতিহাসৰ ত্যাগী পুৰুষসকল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক ৰমণীসকল” আদিকে ধৰি কুৰিখনৰো অধিক শিশু গ্ৰন্থ ৰচনা কৰা ফুল চাংমাই গগৈয়ে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বৰ্তমানেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। অহা ১৪ নৱেম্বৰৰ শিশু দিৱসৰ দিনা শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয় ‘শ্বহীদ ভৱন’ ত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক গৰাকীক এই বটাঁ প্ৰদান কৰা হব। এই বঁটাত আছে এখন প্ৰশষ্টি প্ৰত্ৰ, এটা স্মাৰক, চেলেং চাদৰ, গামোছা আৰু গ্ৰন্থৰ টোপোলা। এক প্ৰেছ বিবৃতিৰ জৰিয়তে শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী কৃষ্ণা শইকীয়া আৰু সম্পাদিকা ইলা মহন বুঢ়াগোঁহায়ে এই বটাঁৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে বটাঁ প্ৰদানৰ দিনা সাহিত্যপ্ৰেমী ৰাইজৰ একান্ত উপস্থিত কামনা কৰিছে।

Leave A Reply