Breaking

চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান… 

0 13

চিলাপথাৰ কবি সমাজ আৰু সাৰথি সেচ্ছাসেৱী সংস্থাৰ উদ্যোগত কালি চিলাপথাৰ চ্যুকাফা ভৱনত ‘ব’হাগৰ ৰং সনা দুপৰীয়া শব্দৰ স’তে এখন্তেক’ শীৰ্ষক এখনি কবি পাঠৰ  অনুষ্ঠিত হৈ যায়। আবেলি ২ বজাৰপৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটি আৰম্ভণিতে অৱসৰী ৰাজ্যিক কৃতী শিক্ষক গোপাল চন্দ্র দেৱ, সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি অমিলতা টায়ে, অৱসৰী প্ৰধান শিক্ষক প্ৰবীণ লাহন, অৱসৰী শিক্ষয়িত্ৰী কানন পেগুৱে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে প্ৰজ্ঞাজ্যোতি সংগীত বিদ্যালয়ৰ শিশু শিল্পীসকলে এটি বৰগীত পৰিৱেশন কৰে। কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে।

আদৰণি বক্তব্য ৰাখে চিলাপথাৰ কবি সমাজৰ সভাপতি নৃপেন বৰঠাকুৰে। সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্রী ভাগ্যবতী দত্ত ভূঞাই আৰু আঁত ধৰে পদ্ম সৰস্বতীৰ বিদ্যা মন্দিৰৰ সঞ্চালক জোণ্টি সোণোৱালে। অনুষ্ঠানটিত বিশিষ্ট অতিথি কবি হিচাপে অসম কবি সমাজ কাৰ্যনিবাহক সদস্য জয় কুমাৰ দলে, প্ৰদীপ পেগু, জোনাইৰ বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালা, চিচিবৰগাঁৱৰ মৃদুপৱন চুতীয়া আৰু ঐজ্যোতি চুতীয়া,

আমন্ত্রিত কবি ক্ৰমে ঢকুৱাখনাৰ নয়নমণি দাস, ঘিলামৰাৰ দুলাল দিহিঙীয়া, ঘিলামৰা ৰঞ্জিতা হাজৰিকা চেতিয়া, চিলাপথাৰ ক্ৰমে গোপাল চন্দ্ৰ দেৱ, অঞ্জুমণি গগৈ, ৰেণু বৰুৱা, প্ৰবীণ লাহন, মেদিনী মোহন বৰুৱা, দেৱীনা পামেগাম, কানন পেগু, অমিলতা মিলি, মঞ্জু দাস আদিয়ে কবিতা পাঠ কৰে। উদ্যোগতোসকলৰ তৰফৰ পৰা অনুষ্ঠানটিত অংশগ্ৰহন কৰা বিশিষ্টসকলৰ লগতে কবিসকলক একোখনকৈ চেলেং আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ শেষত সাৰথি স্বেচ্ছাসেবী সংস্থাৰ  সচিব মনোজ কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply