কবি সংকেশ্বৰ কোঁচৰ ‘আলঙত ৰাতিৰ ফুল’ আৰু ‘হৃদয় মন ব’হাগ আদি’ দুই কবিতা পুথি উন্মোচন

বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ দুখনকৈ কবিতা পুথি ১০ অক্টোবৰত  শোনিতপুৰ জিলাৰ  চিৰাজুলিৰ চিকাৰী বস্তিৰ তেখেতৰ নিজা বাস ভৱনত উন্মোচন কৰা হয় ৷লিখক সা’বাদিক কবি সুজিত কটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পূৰ্বে তেখেতৰ কন্যা নিকিতা কোঁচে বৰগীত পৰিবেশন কৰে ৷এই কাব্য উন্মোচনী সভাৰ মাজতে এক কবি সন্মিলন অনুষ্ঠিত হয় ৷এই কবি সন্মিলনত কবিতা পাঠ কৰে বিশিষ্ট কবি গোবিন্দ নাথ,গুণাৰাম শইকীয়া,কবিন্দ কুমাৰ দাস,জয়ন্ত বৰা ,পংকজ শৰ্মা,সংকেশ্বৰ কোঁচ,সুজিত কটকী,বিশিষ্ট চুটিগল্পকাৰ,কবি কোষেশ্বৰ বৰাৰ লগতে উদীয়মান কবি হেমন্ত কুমাৰ মাহাতো,নাজমূল হুছেইন ধনদা কটকী,দীপাঞ্জলি দেৱীয়ে ৷বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ”আলঙত ৰাতিৰ ফুল” শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে ড° হৰিচৰণ দাসে ৷তেখেতে উন্মোচনী ভাষণত কয় ভাৰততে কবিতাৰ জন্ম ৷কবিৰ অৰ্থ পুৰণিতকৈ পুৰণি,নতুনতকৈ নতুন ৷কবি মানেই জ্ঞানৰ শক্তিধৰ ,ভগবান ৷গ্ৰীচ দেশত কবিক ভগবানৰ মাধ্যম ৰূপে গণ্য কৰা হয় ৷তেখেতৰ এই কবিতা পুথি খনৰ প্ৰকাশক লিখক সাংবাদিক জ্যোতি প্ৰসাদ ডেকাকো এই সভাতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷তেখেতৰ দ্বিতীয় খন কবিতা পুথি”হৃদয় মন ব’হাগ আদি” ৰ উন্মোচন কৰে বিশিষ্ট লিখক কবি চুটিগল্পকাৰ কোষেশ্বৰ বৰাই ৷তেখেতে উন্মোচনী ভাষণত আজিৰ কবি গল্পকাৰ সকল তেওঁলোকৰ সৃষ্টিৰাজি কৃষক শ্ৰমিকৰ মাজত লৈ যাবলৈ অপৰাগ হৈছে ৷ফলত লেখক কবি সকল তেওঁলোকৰ বাৰ্তা সমূহ সৰ্বসাধাৰণ মানুহৰ মাজত লৈ যাই সমাজত জাগৰণ অনাত ব্যৰ্থ হৈছে ৷সেয়ে ডাঙৰ মঞ্চতে সীমাবদ্ধ নাৰাখি সৰ্বসাধাৰণ ৰাইজৰ মাজত লৈ যাবলৈ আহ্বান জনায় ৷এই কবি সন্মিলনৰ কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায় কবিতা সমালোচক শশধৰ বৈশ্যই ৷ক্ষুদ্ৰ চাহ খেতি আৰু তাঁত শিল্পক সৰোগত কৰি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা আজন্ম কবি সংকেশ্বৰ কোঁচে উপস্হিত থকা অতিথি,কবি সকলোকে নিজৰ তাঁত শালৰ গামোচাৰে সম্বৰ্ধনা জনায়

Related Articles