আজি উন্মোচন হ’ব কবিতা পুথি ৰঙীন উপন্যাস…

বিশেষভাবে সক্ষম এগৰাকী ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত গ্ৰন্থ আকাৰে ছপা ৰূপ দি প্ৰকাশৰ বাবে এক ইতিবাচক পদক্ষেপ হাতত লৈছে যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনে। জানিব পৰা মতে যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি”ৰ কমাৰগাঁও বুধবাৰীৰ প্ৰতিনিধি পৰিণীতাৰ এই কবিতা পুথিখন গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বুধবাৰী প্ৰাথমিক বিদ্যালয়ত কমাৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা ৰাজকুমাৰীয়ে উন্মোচন কৰিব।

দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাসে যথা সময়ত স্হানীয় সাহিত্যানুৰাগী ৰাইজৰ উপস্হিতি আৰু সহযোগিতা কামনা কৰিছে।উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ ইতিমধ্যে “এমুঠি হৃদয়ৰ অনুভৱ”,”হৃদয়ৰ এমুঠি কবিতা””নিৰিবিলি সুবাস” আৰু “সেই বাটেৰে…”নামৰ চাৰিখন কবিতা পুথি জন্মদিনত দিগদৰ্শন প্ৰকাশনে বিনামূলীয়াকৈ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিছে।

Related Articles