Breaking

যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ কবিতা পাঠ, গীত-নৃত্য, গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান

0 65

যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ আৰু মাহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন”,কবিতা আলোচনী “ছন্দগুচ্ছ”ৰ উদ্যোগত ৩ডিচেম্বৰত গ্ৰন্থ উন্মোচন, গীত-নৃত্য আৰু স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা ১০বজাত উদীয়ামান শিল্পী আয়ুষ্মী গোস্বামীৰ মংগলাচৰণৰে শুভাৰম্ভ অনুষ্ঠানত অসমৰ ভালেকেইজন নবীন-প্ৰৱীন কবিয়ে সদভাৱনা আৰু মানৱতা বিষয়ক কবিতা পাঠ কৰে।

যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ সমীপৰ চেঙেলী গাঁওস্থিত মানৱ ধৰ্ম আশ্ৰম প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত ডিব্ৰুগড়ৰ অৰ্পণা ফুকন দাসৰ গল্প সংকলন “প্ৰহেলিকা”,চিত্ৰামণি হাজৰিকাৰ শিশু উপযোগী গল্প সংকলন”গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা ছোৱালীজনী”,ভাৰতী বৰুৱা দুৱৰাৰ গল্প সংকলন”প্ৰায়শ্চিত্ত”,ঢকুৱাখনা ঘিলামৰাৰ জোনমণি চুতীয়াৰ গল্প সংকলন “কিছু অনুভৱ,কিছু বাস্তৱ” উন্মোচন কৰা হয়। “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত শিৱসাগৰ লেখিকা জেউতি বৰা ভূঞাক দিগদৰ্শন প্ৰকাশনৰ ২০২৩বৰ্ষৰ সৰ্বোচ্চ সন্মান “দিগদৰ্শন”বঁটা প্ৰদান কৰা হয়।

আনহাতে যোৰহাটৰ বৰহোলাৰ কবি মহেন্দ্ৰ নাথ হাজৰিকাক “কবিকণ্ঠ” বঁটা, ডিব্ৰুগড়ৰ কুমাৰণীছিগা ৰাঙী গাঁৱৰ ভাৰতী বৰুৱা দুৱৰাক “মহিয়সী”বঁটা, ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ দিপীকা গগৈক “শ্ৰীময়ী”বঁটা,”ডিব্ৰুগড় লেকাই ঠাকুৰথানৰ ৰাহুল দাসক শিল্পী সাধনা বঁটা,যোৰহাট ভাতেমৰাৰ ড° মৌচুমী ৰেখা খাউণ্ডক দিগদৰ্শন সাহিত্য সন্মান,যোৰহাট কেন্দুগুৰিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী,লেখিকা আৰতী কুমাৰী দেৱীক মহীয়সী সন্মান, তিতাবৰৰ বিবিজানৰ বিনয়প্ৰভা পাঠকক সাহিত্য মহীয়ান সন্মান,আমগুৰিৰ শিখা হাজৰিকাক বৰ্ষশ্ৰেষ্ঠ সাহিত্যিক সন্মান,যোৰহাটৰ পুৰণিমাটি সত্ৰচুকৰ কামদা চেতিয়াক বৰেণ্য মহিলা সন্মান,দেৰগাঁৱৰ ৰূপা দত্তক সংগীত শিল্পী সন্মান,জাঁজীৰ অনুৰাধা দত্তক কাব্যশ্ৰী বঁটা,মাজুলী জুগুণীধাৰীৰ মৃণালী দেৱীক সাহিত্য প্ৰেৰণা বঁটা, কমাৰগাঁৱৰ বুধবাৰীৰ ৰূপা বৰাক শিশু সাহিত্য প্ৰেৰণা বঁটা, ডিব্ৰুগড় ঔফুলীয়া চাহ বাগিচাৰ বলৰাম মৃধাক সমাজ গৌৰৱ বঁটা,আমগুৰিৰ বুলুৱালা ভূঞাক আদৰ্শ শিক্ষয়িত্ৰী সন্মান,লখিমপুৰ ঘিলামৰাৰ জোনমণি চুতীয়াক দিগদৰ্শন সাহিত্য সন্মান আৰু দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ পষেকীয়া আলোচনী”জ্ঞানজ্যোতি”ৰ চলিত বৰ্ষৰ সৰ্বোচ্চ সন্মান”জ্ঞানজ্যোতি”বঁটা যোৰহাট সৰ্বাইবন্ধাৰ বীণাপাণি অধ্যাপকক আৰু “জ্ঞানজ্যোতি শিশু সাহিত্য প্ৰেৰণা বঁটা” যোৰহাট শান্তিপুৰৰ ৰুণু বৰঠাকুৰক প্ৰদান কৰা হয়।

চায়েবা আঞ্জুম ৰহমান,প্ৰিয়ংকা বৰা,গীতিমনি দত্ত,কাবেৰী দত্ত,দীপিকা দত্ত,গীতালি বৰা,শুভ্ৰকমল বৰাৰ গীত-নৃত্যই জীপাল কৰি অনুষ্ঠানটো উদ্বোধন কৰে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই। ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক মাণিক চন্দ্ৰ বৰা,চিত্ৰশিল্পী বিপিন চন্দ্ৰ হাজৰিকা আৰু শিশু সাহিত্যিক মৃণালিনী গোস্বামী বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা দিনজোৰা এই বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত সামৰণী জাতীয় সংগীত পৰিৱেশনেৰে কৰা হয়।

Leave A Reply