Breaking

নদী আৰু নাৰীৰ উদ্যোগত সুৰৰ দেউলৰে শীৰ্ষক কবি সন্মিলন, সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

0 78

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান ‘নদী আৰু নাৰী’ৰ উদ্যোগত অহা ২৫ জুন তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৰণত ” বিষ্ণুৰাভা দিৱস” অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।

উক্ত অনুষ্ঠানত ‘সুৰেৰে দেউলৰে’ শীৰ্ষক বহু ভাষিক কবি সন্মিলন আয়োজন কৰা হৈছে। বিষ্ণুপ্ৰসাদ দেৱৰ ৰচিত গীত- মাত- কবিতাৰে দিনজোৰা কাৰ্যসূচীৰ লগতে গ্ৰন্থ উন্মোচন কৰা হ’ব।


সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় যুৱ কবি ৰুনাল্ডো টাইদৰ কবি হোৱা ইমান সহজ কথা নহয়, প্ৰবাসী আমেৰিকান মনোৰমা দাসৰ সময়ৰ ঢৌৱে কোবাই যায়, চন্দন কলিতাৰ গ্ৰন্থ কাব্য সৌৰভ, সম্মুজল ডেকাৰ গ্ৰন্থ সুখৰ সন্ধানত গ্ৰন্থকে ধৰি কেইবা খনো সুন্দৰ গ্ৰন্থ শুভ উন্মোচন হ’ব।

অনুষ্ঠানত উপস্থিত থাকিব USTM ৰ সম- উপাচাৰ্য,বিশিষ্ট কবি তথা সাহিত্যিক ড° বলেন্দ্ৰ কুমাৰ দাস, চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মা, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় যুৱ কবি ৰুনাল্ড টাইদ , বিশিষ্ট কবি- সাহিত্যিক তথা শঙ্কৰী সমষ্টিৰ গবেষক ইছমাইল হোছেইন, বিশিষ্ট কবি বিপুল শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি-সাহিত্যিক, উৎপল দলে, বিশিষ্ট কবি- সাহিত্যিক মেৰাজ ৱাচিকুৰ ৰহমান, দন্ত চিকিৎসক তথা সমাজ কৰ্মী, বিশিষ্ট সাংবাদিক হেমন্ত কুমাৰ ভৰালী , দিগন্ত সমীৰণ, আইনজীৱী ৰূপম গগৈ, ড: শশাঙ্ক বৰঠাকুৰ, লেখক তথা সমাজ কৰ্মী , বিশিষ্ট সমাজকৰ্মী তথা লেখক ড° হেমন্ত কুমাৰ দাস, বিশিষ্ট কবি দেৱ প্ৰসাদ তালুকদাৰ, কিশোৰ জৈন, অধিৰ চন্দ্ৰ দাস, উৎপল সূত্ৰধাৰ, দিলীপ বৰুৱা।

তাৰ উপৰি বহুতো ন- পুৰণি কবি- সাহিত্যিকৰ উপস্থিতিত সুৰৰ দেওলৰে… শীৰ্ষক এখনি কবি সন্মিলন অনুষ্ঠিত হ’ব বুলি কবি ৰুনাল্ডো টাইদে জানিব দিছে।

Leave A Reply