কামৰূপ জিলা দিৱসৰ আজি তৃতীয় দিনা অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হয় আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁত ধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে৷ সন্মিলনখনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সঞ্চালক কুমাৰে কয় যে কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে৷ শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয়৷ আনহাতে আজিৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে৷

ভাষণ প্ৰসংগত শ্ৰীকাৰ্তিকে এই ৱেব ছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এন আই চিক ধন্যবাদ জনায় আৰু এই ৱেব ছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতেও তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায়৷ আজিৰ কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ৷

