অসমীয়া সমাজত পঁইতা (Poita Bhat) ভাত এক থলুৱা খাদ্য। পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। ওৰে ৰাতি পানীত তিয়াই ৰখা হয় পঁইতা ভাত যাৰ বাবে ই সামান্য টেঙা হৈ পৰে। গৰম দিনত পঁইতা ভাত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য কিয়নো ই শৰীৰ শীতল কৰি ৰাখে । পঁইতা ভাত অসমীয়া সমাজত প্ৰচলিত এনে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত ই প্ৰচলিত এবিধ খাদ্য। ঠাই বিশেষে পঁইতা ভাতৰ নামও বিভিন্ন ধৰণৰ হয়। পঁইতা ভাত পুৱা বা দুপৰীয়া গ্ৰহণ কৰা আহাৰ।
প্ৰস্তুত প্ৰণালী-
উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি এই ভাত প্ৰস্তুত কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ , সৰিয়হৰ তেল মিহলাই জলকীয়া , আচাৰ,আলু পিতিকা আদিৰ সৈতে খোৱা হয়। ১২ ঘন্টাত কৈ অধিক পানীত তিয়াই থব নালাগে তিয়াই থ’লে ই খোৱা উপযোগী হৈ নাথাকে । অধিক সময় ভাত তিয়াই ৰাখিলে অপকাৰী হৈ পৰে।
অন্যান্য নাম-
পঁইতা ভাতক নামনি অসমত ‘পন্তা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ বুলি কোৱা হয়। এইবিধ ভাতক পশ্চিম বংগত ‘পান্তা’ ভাত, তামিলনাডুত পৰইয় চৰু, কেৰেলাত পৰম কঞ্জি, ছত্তীছগড়ত পখাল ভাত আৰু উৰিষ্যাত পখাল (পখালঅ) বুলি কয়।
পঁইতা ভাতৰ উপকাৰিতা-শৰীৰক শীতল কৰে:
পঁইতা ভাত গৰমৰ দিনত শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।হজম প্ৰক্ৰিয়াত সহায়ক:
পঁইতা ভাতত থকা কিছুমান বেক্টেৰিয়াই হজম প্ৰক্ৰিয়াত সহায় কৰে।প্ৰটিন আৰু ভিটামিনৰ উৎস:
পঁইতা ভাতত কিছু পৰিমাণে প্ৰটিন আৰু ভিটামিন থাকে। ৰক্ত চাপ নিয়ন্ত্ৰণত সহায়ক
ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে। পেটৰ আন ৰোগ দূৰ কৰাত সহায়ক
পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।