Breaking

চাপৰৰ ফলিমাৰীত আৰক্ষীৰ আভিযান । ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত বৰ্তমান বহলপুৰ বন বিভাগ

0 35

চাপৰৰ ফলিমাৰীত আৰক্ষীৰ আভিযান । ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত বৰ্তমান বহলপুৰ বন বিভাগ । দেখিও নেদেখাৰ ভাও জুৰি গভীৰ নিদ্ৰাত মগ্ন । অৱশেষত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে এই অভিযান । বন বিভাগৰ পৰিবৰ্তে আৰক্ষীয়ে চলালে এই অভিযান । অভিযানত কাঠ সহ ভ্ৰাম্যমাণ কাঠ ফলা মেচিন জব্দ কৰে ।

ধুবুৰী জিলাৰ বহলপুৰ বন বিভাগৰ অন্তৰ্গত ফলিমাৰী কলবাৰী গাঁওত চাপৰ আৰক্ষী থানাৰ এছ আই দীজেন্দ্ৰ মেধীৰ নেতৃত্ত্বত আৰক্ষীৰ এটা সজাতি দলে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলায় আৰু বহু পৰিমাণৰ শাল গছৰ কুণ্ডা ,কঠাল গছৰ কুণ্ডা,কাঠসহ এটা কাঠ ফলা ভ্ৰাম্যমাণ মেচিন জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত কুণ্ডা কাঠসহ মেচিন টো বহলপুৰ বন বিভাগক গতাই দিয়ে।


উল্লেখ্য যে বন সংৰক্ষণৰ দ্বায়িত্ত্বত বন বিভাগ নামৰ এটা বিভাগ আছে। সাধাৰণতে এইবোৰ কাম বন বিভাগে কৰিব লাগে।কিন্তু বহলপুৰ বন বিভাগে যদি গোটেই দিন কাৰ্য্যালয়ত শুই থাকে তেন্তে বন সংৰক্ষণ কেনেকৈ হব।অৱশেষত উপায়হীন হৈ চাপৰ আৰক্ষীয়ে নিজৰ দ্বায়িত্ত পালন কৰাৰ উপৰিও বন সংৰক্ষণত নামি পৰিব লগা অৱস্থা হৈছে।

Leave A Reply