অবশেষত আৰক্ষীৰ জালত পৰিল বৰপেটাৰ সত্ৰ, থান নামঘৰত চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা চোৰৰ দল ৷বৰপেটা আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বৰপেটা চহৰৰ গণককুছিৰ নিজ গৃহৰ পৰা সত্ৰ নামঘৰৰ চুৰি কাৰ্যৰ সৈতে জৰিত চোৰটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰটোৰ নাম ভগৱান মজুমদাৰ ৷ভগৱান মজুমদাৰৰ ঘৰৰ পৰা চিনপৰা ভিঠি থানৰ পৰা চুৰি হোৱা পিতলৰ চৰিয়া, খৰাহী আদি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷আনহাতে ভগৱান মজুমদাৰ নামৰ চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে তলা ভাঙিব পৰা সামগ্ৰী ৷ইপিনে বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নানৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি ভগৱান মজুমদাৰে চুৰি সামগ্ৰীসমুহ গহেৰপাম গাৱৰ চামাদ উদ্দিনৰ ওচৰত বিক্ৰী কৰিছিল ৷ইপিনে চামাদ উদ্দিন নামৰ লোকজনে চুৰি কাঁহ পিতলৰ সামগ্ৰীসমুহ সৰ্থেবাৰীত বিক্ৰীৰ সন্দেহ আৰক্ষীৰ ৷বিগত কেবাটাও দিন ধৰি বৰপেটা চহৰৰ এখনৰ পিচত আনখন সত্ৰত চুৰি কাৰ্যৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল চোৰৰ দলটোৱে ৷
সত্ৰনগৰী বৰপেটা চহৰৰ সত্ৰ নামঘৰত হোৱা চুৰিৰ ঘটনাক লৈ চহৰখনত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছিল ৷
আনকি সত্ৰনগৰীৰ ধৰ্মীয় স্থান, থান সত্ৰসমুহত আৰম্ভ হোৱা চুৰি কাৰ্য আৰু ভক্তৰ ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে বৰপেটা সত্ৰই কাইলৈ (৬ এপ্ৰিল, বুধবাৰে) বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দুঘন্টীয়া অৱস্থান কাৰ্যসূচীৰো আহ্বান জনাইছিল ৷
ইয়াৰ মাজতেই সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে ভগৱান মজুনদাৰ নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ হয় মন্দিৰত ব্যৱহৃত চুৰি সামগ্ৰী ৷লক্ষ্যণীয়ভাৱে ভগৱান মজুমদাৰে পূৰ্বে বৰপেটা সত্ৰৰ মুল দুৱাৰৰ ৰক্ষক হিচাপে কৰ্মৰত আছিল ৷সত্ৰ নামঘৰৰ চুৰিৰ অভিযোগত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰক লৈ বৰপেটাত চাঞ্চল্য ৷

