Breaking

নতুন সংসদৰ দিশে মাৰ্চ কৰি থকা প্ৰতিবাদকাৰী মল্লযুঁজাৰুক আৰক্ষীয়ে কৰিলে আটক

0 57

দেওবাৰে দিল্লীত নিজৰ প্ৰতিবাদস্থলীৰ পৰা নতুন সংসদ অভিমুখে পদযাত্ৰা কৰিবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক ৰখাই আটক কৰে দিল্লীত। নতুন সংসদৰ সন্মুখত মহিলাৰ মহাপঞ্চায়ত অনুষ্ঠিত কৰিব বিচৰাত মল্লযুঁজাৰুসকলে নতুন সংসদ অভিমুখে পদযাত্ৰা কৰিবলৈ চেষ্টা চলায়।

মল্লযুঁজাৰুসকলক আটক কৰাৰ পিছত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে কয় যে আমাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু আমাৰ মানুহক আটক কৰি ৰখা হৈছে আনহাতে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ সংসদত বহি আছে৷ বিনেশ ফোগাটে কয় যে আমাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু আমাৰ মানুহক আটক কৰি ৰখা হৈছে।তেওঁ (ব্রিজ ভূষণ) সংসদত বহি আছে আৰু আমাক জেললৈ প্ৰেৰণ কৰা হৈছে।

নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱনৰ দিশে মল্লযুঁজাৰুৰ পদযাত্ৰাৰ পূৰ্বে দেওবাৰে দিল্লী আৰক্ষীয়ে কয় যে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে পৰিচালিত হোৱাটো নিশ্চিত কৰিবলৈ “অসামাজিক উপাদান”ক ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)ৰ সভাপতি ব্রিজ ভূষণ শৰণ সিং নামৰ বিজেপিৰ সাংসদক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলৰ সমৰ্থনত ‘মহিলা মহা পঞ্চায়ত’ৰ আহ্বান জনাইছে। তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে৷

Leave A Reply