নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা হেণ্ডকাফ সহ পলায়ণ কৰা এটা চোৰক আৰক্ষীয়ে পানীমেটেকাৰ মাজৰ পৰা পুনৰ কৰায়ত্ত কৰে। জানিব পৰা মতে, শুক্ৰবাৰে দিনৰ প্ৰায় ২ বজাত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা ইকবাল হুছেইন নামৰ এটা চোৰে হেণ্ডকাফ সহ পলায়ণ কৰে । মৰিকলং অঞ্চলত বিভিন্ন লোকৰ বাসগৃহৰ পৰা পানী উঠোৱা মটৰ চুৰি কৰি গ্ৰেপ্তাৰ হোৱা ইকবালে আজি আবেলিৰ ভাগত শৌচাগাৰলৈ যোৱাৰ চলেৰে হেণ্ডকাফ সহ আৰক্ষীৰ মাজৰ পৰা পলায়ণ কৰে। আনহাতে কৰ্তব্যৰত আৰক্ষী জোৱানে পিচে পিচে খেদি যোৱাত ইকবালে আৰক্ষীৰ পৰা বাচিবলৈ আৰক্ষী চকীৰ সন্মুখৰ মৰিকলং বিলত জাপ দি পানীমেটেকাৰ মাজত আত্মগোপন কৰে।

অৱশেষত প্ৰায় এঘণ্টা অভিযান চলাই মৰিকলং আৰক্ষীয়ে পলাতক ইকবালক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ইকবালৰ ঘৰ জুৰীয়াৰ দগাঁৱত বুলি জানিব পৰা গৈছে।

