Police conduct anti-drug । চেঙাৰ মাজৰচৰত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

২২জানুৱাৰী, ২০২৫ঃ Police conduct anti-drug । দক্ষিণ বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত নিশা অকস্মাৎ মাজৰচৰত গাঁওখনৰ ৰেজাউলৰ কৰিম( given photo) উৰুফে মোশ্বাৰফ হুছেইনৰ ঘৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা চলাই ড্ৰাগছ বিৰোধী অভিযান ।

আৰক্ষীৰ উমান পাই নিশাৰ এন্ধাৰৰ সুযোগ বুজি ঘৰৰ খিৰিকী ভাঙি মূল অভিযুক্ত ঘৰৰ মুশ্বাৰফ হুছাইনে পলায়ন কৰে যদিও তিনি জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা ধৃত ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মেহবুব আলম ভূঞা, আনোৱাৰ হুছেইন, ছমেদ আলী বুলি জানিব পৰা গৈছে । স্থানীয় গাঁওৰ প্ৰধান ও ৰাইজৰ সহযোগীতাত ৰেজাউল কৰিম উৰুফে মুশ্বাৰফ হুছাইনৰ ঘৰত তল্লাছি চলাই আৰক্ষীয়ে 50.7 গ্ৰাম ড্ৰাগছ জব্দ কৰে ।


উল্লেখ্যযোগ্য যে,আলোপতি আৰক্ষী থানাৰ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা একাংশই চলাই আছে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা । শীঘ্ৰেই চৰাঞ্চলত চলি থকা ড্ৰাগছৰ বেহা সম্পুৰ্নৰূপে বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে

Related Articles