Breaking

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।বিয়াৰ ঘৰত ভোজ খাবলৈ আহি ৰঙাঘৰৰ আলহী

0 58

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।বিয়াৰ ঘৰত ভোজ খাবলৈ আহি ৰঙাঘৰৰ আলহী।উল্লেখ্য যে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত পাটাকাটা আৰু মুটাখোৱাৰ অঞ্চলৰ পৰা যোৱা নিশা বাল্য বিবাহ চলি থকাৰ খবৰ পাই থানা আৰক্ষীয়ে অভিযান চলাই পাটাকাটাৰ মজিবৰ ৰহমানৰ ১৫ বছৰীয়া কিশোৰীক বিয়া দিয়াৰ অপৰাধত মজিবৰৰ ঘৰৰ পৰা ৯জনক আটক কৰি ৩৭২/২২নম্বৰত গোচৰ ৰুজু কৰে আৰু মুটাখোৱাৰ শাহাবুদ্দিনৰ১৩বছৰীয়া ছোৱালীৰ বিয়া দিয়াৰ অপৰাধত শাহাবুদ্দিনৰ ঘৰৰ পৰা চাৰিজনক আটক কৰি পিছত ৩৭৩/২২নম্বৰত গোচৰ ৰুজু কৰে৷


আনহাতে দক্ষিণ শালমাৰা থানাৰ চি আই ৰিতুপৰ্ণ বনিয়াই জানিব দিয়া মতে দুয়োখন গোচৰৰে মুঠ ১৩জন মানুহক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হয়৷লগতে আৰক্ষী বিষয়াজনে কয় দক্ষিণ শালমাৰাত পৰবৰ্তী সময়ত কোনো ধৰণৰ বাল্য বিবাহ হ’বলৈ দিয়া নহ’ব৷

Leave A Reply