Breaking

নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হিৰ’ইনসহ গ্ৰেপ্তাৰ এজনক…

0 95

সম্প্ৰতি সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ৰমৰমীয়া বেহাই নৱ প্ৰজন্মৰ যুৱ সমাজক জীৱন ধ্বংসৰ পথলৈ গতি কৰাইছে। আৰক্ষীয়ে প্ৰায়ে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুই – এক সৰবৰাহকাৰীক. আটক কৰিবলৈ সক্ষম হয় যদিও আইনৰ সুৰুঙাই সেইসকলক জামিন দিয়াৰ পিছত পুনৰ একে কাৰ্যত জড়িত হৈ পৰে। আজি পুৱতি নিশা নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীয়ে নগৰৰ ৩ নং ৱাৰ্ডৰ প্ৰদীপ চাহুৰ ঘৰত অভিযান চলাই ৪ নং ৱাৰ্ডৰ ৰিজুৱান হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১.৪৪ গ্ৰাম হিৰ’ইন , ১২ টা কণ্টেনাৰ আৰু নগদ ৮১০০ টকা সহ সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা এ এছ ০৪ জেদ ৯১৮৬ নম্বৰৰ স্কুটিখন জব্দ কৰিবলৈ সক্ষম হয় ।

ৰিজুৱানে দীৰ্ঘদিন ধৰি নিজা ঘৰৰ পৰিৱৰ্তে সহপাঠী প্ৰদীপ চাহুৰ ঘৰত ড্ৰাগছ সমূহ লুকুৱাই ৰাখি তাৰ পৰাই নাজিৰাৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে । আজি পুৱতি নিশা আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি অভিযান চলাই ৰিজুৱান হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও তেওঁৰ লগত থকা প্ৰদীপ চাহুৰ লগতে আন তিনিজন ড্ৰাগছ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে পলাতক কেউজনকে গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত আছে।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply