Breaking

হোজাইত একে নিশাই দুটাকৈ এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে

0 2,236

হোজাইত একেনিশা দুজনককৈ অভিযুক্তই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে এনকাউন্টাৰ কৰি দুয়োকে আহত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰে এজন লামডিং বনাঞ্চলৰ ভু মাফিয়া হিচাপে অভিযুক্ত নজৰুল ইছলাম আৰু আনজন কুখ্যাত বাইক চোৰ জাকিৰ হুছেইন৷ যোৱা নিশা ডবকা আৰক্ষীয়ে কুখ্যাত বাইকচোৰ জাকিৰ হুছেইনক লৈ আন এজন অভিযুক্তৰ সন্ধান চলোৱাৰ সময়তে জাকিৰে পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷মাজনিশা ১ মান  বজাত ডবকাৰ শালবাগানত সংগঠিত হৈছে এই চাঞ্চল্যকৰ এনকাউন্টাৰৰ ঘটনা। আমিৰ নামৰ বাইক চোৰক কৰায়ত্ব কৰিবলৈ জাকিৰক লগত লৈ গৈছিল ডবকা আৰক্ষীয়ে। অভিযান চলাই ওভতি অহাৰ সময়তে ডবকাৰ শালবাগানত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰে ধৃত চুৰ জাকিৰে৷ লগে লগে আৰক্ষীয়ে তাক ৰখাবলৈ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ উল্লেখ্য যে জাকিৰৰ নেতৃত্বত এটা বৃহৎ চক্ৰই হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দিনে নিশা বাইক চুৰি কৰি ডিমাপুৰত সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷  বাইক চুৰৰ চৰ্দাৰ জাকিৰ হুছেইনক  নিশা অভিযান চলাওঁতে জাকিৰ পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে৷আৰক্ষীৰ গুলিত ভৰিত আঘাতপ্ৰাপ্ত হয় জাকিৰ৷ ভৰিত গুলি কৰাৰ লগে লগে জাকিৰ অসুস্থ হৈ পৰাত প্ৰথমে ডবকা চিকিৎসালয় ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷উল্লেখ্য যে যোৱা ১৪ নবেম্বৰত আৰক্ষীয়ে জাকিৰসহ চাৰিজনকৈ কুখ্যাত বাইক চুৰক গ্ৰেপ্তাৰ কৰিছিল৷হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি ৫ দিনৰ আৰক্ষীৰ জিম্মাত লৈ আহে ডবকা আৰক্ষীয়ে৷যোৱা ১৪ নবেম্বৰত নাগালেণ্ডৰ ধনশিৰিত ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল৷ আৰক্ষীৰ অভিযানত চাৰি দুৰ্ধষ বাইক চোৰ  ক্ৰমে  জাকিৰ হুছেইন ,চাহাব উদ্দিন, ফিলিপ চাউহাঙ আৰু আচ্ছি নামাই ৷ধৃত জাকিৰ আৰু চাহাব উদ্দিনৰ ঘৰ মোৰাঝাৰৰ বৰহাওঁৰত আৰু ফিলিপ চাউহাঙ আৰু আচ্ছি নামাইৰ ঘৰ নাগালেণ্ডৰ পাৰেন জিলাৰ জালুকি থানাৰ অন্তৰ্গত ভেটেনাৰী কলনিত ৷ তেওঁলোকৰ কৱলৰ পৰা তিনিখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে৷বাকী তিনি বাইকচোৰক ডবকা আৰক্ষী থানাত মাৰাথান জেৰা অৱ্যাহত ৰাখিছে ৷ যোৱা এক মাহ কাল ধৰি ডবকাৰ লগতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধ শতাধিক বাইক চুৰি কৰি এক প্ৰকাৰ সন্ত্ৰাস চলাইছিল চক্ৰটোৱে৷ আনহাততে লামডিং বনাঞ্চলত উচ্ছেদ হোৱাৰ সময়তে পোহৰলৈ আহিছিল নজৰুল ইছলামৰ নাম৷ নজৰুলে লামডিং বনাঞ্চলত একাংশ লোকক ধনৰ বিনিময়ত সংস্থাপিত কৰিছিল৷ যাৰ বাবে লামডিং থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক আটক কৰে৷ কালি নিশা আৰক্ষীয়ে নজৰুলক লৈ অভিযান চলোৱাৰ সময়তে নজৰুলে পলোৱাক চেষ্টা কৰে৷ অকল ইমানিই নহয় আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ নজৰুলে আৰক্ষীৰ গাড়ীত গুলীওৱাৰ কথা স্বীকাৰ কৰে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই৷ পলায়নৰ সময়তে আৰক্ষীয়ে নজৰুলৰ ভৰিত গুলীয়াই দিয়াত গুৰুতৰভাবে আহত হয় নজৰুল৷ লগে লগে তেওঁক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ একে নিশাই দুটাকৈ এনকাউন্টাৰে হোজাইত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷

Leave A Reply