ছিপাঝাৰৰ খলিহৈত মদৰ ঘাটি উচ্ছেদ আৰক্ষীৰ

ছিপাঝাৰৰ খলিহৈত যোৱা নিশা এক অভিযান চলাই ছিপাঝাৰ আৰক্ষী থানাৰ এটা দলে সমুলঞ্চে উচ্ছেদ কৰে এটা মদৰ ঘাটি । ছিপাঝাৰ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে খলিহৈৰ কুৱৰীগাঁৱত দীৰ্ঘদিন ধৰি চুলাই নিৰ্মান কৰি থকা এটা পৰিয়ালৰ গৃহত অভিযান চলাই ।  চুলাই ব্যৱসায়ীৰূপে খ্যাত পৰিয়ালটিয়ে ঘৰতে প্ৰস্তুত কৰি গোপনে মজুত কৰি ৰখা প্ৰায় ১০০০ লিটাৰতকৈও অধিক চুলাই জব্দ কৰি পৰিয়ালটিৰ চোতালতে নষ্ট কৰি পেলায় । মদৰ বিৰুদ্ধে এই অভিযান আৰম্ভণিহে বুলি মন্তব্য কৰি থানা এলেকাৰ পৰা মদ , জুৱাকে ধৰি সকলোধৰণৰ অসামাজিক কাৰ্য নি:শেষ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নৱনিযুক্ত আৰক্ষী বিষয়া সূশীল কুমাৰ দত্তই ।

Related Articles