অসম চৰকাৰৰ প্ৰথমখন কেবিনেটৰ পিছত যি নতুন এচ .অ. পি. প্ৰকাশ কৰিছিল তাৰ পিছত বিশ্বনাথ আৰক্ষী আজি কঠোৰ হোৱা পৰিলক্ষিত হৈছে । দিনৰ দুই বজাৰ পিছত ব্যক্তিৰ চলাচলত যি বাধা প্ৰদান কৰা হৈছিল তাক লৈ সক্ৰিয় হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপুল কুমাৰ বড়ো। যি সকল ব্যক্তি বিনা কাৰণত নিয়ম উলংঘা কৰি ওলাই আহিছে তেওঁলোকক সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই পঠিয়ায়। এনেদৰে যদি বিশ্বনাথবাসীয়ে আইন উলংঘা কৰে তেনেহলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লব বুলিও জনায়।

