Breaking

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত আৰক্ষী, ৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ…

0 35

আদালতৰ নিৰ্দেশ অমান্য কৰি অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰে অসম আৰক্ষী। ২০১৬ চনত পানবজাৰ থানাত এগৰাকী অধিবক্তাৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। পাৰ্কিঙকলৈ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ সৈতে হোৱা বাক্ বিতণ্ডাৰ পিছত আৰক্ষীয়ে অধিবক্তা গৰাকীক হেণ্ডকাফ লগাই থানালৈ নিছিল। এই গোচৰত তেওঁক দোষমুক্ত কৰিছিল আদালতে। পিছে হাতত হেণ্ডকাফ লগোৱা কাৰ্যৰ বিৰুদ্ধে পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অধিবক্তা গৰাকী।

২০২১ বৰ্ষত পঞ্জীয়ন হোৱা গোচৰ ( ডব্লিউ পি(চি) ২৭৮৩/২০২১)ৰ ৰায় দান কৰে উচ্চ ন্যায়ালয়ে। আদালতে অপৰাধীক দণ্ডাধীশৰ অনুমতি অবিহনে হেণ্ডকাফ লগোৱাত বাধা আৰোপ কৰিছিল উচ্চতম ন্যায়ালয়ে। আদালতৰ নিৰ্দেশ অমান্য কৰি গৌহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰা অসম আৰক্ষীক সন্মান হানি হোৱাৰ অপৰাধত অধিবক্তা গৰাকীক ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশ দিয়াৰ দুমাহৰ ভিতৰত এই ধনৰাশি আদায় দিবলৈকো আদালতে নিৰ্দেশটোত উল্লেখ কৰে। গৌহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙকো সকিয়াই দি এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহনৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে বিলাসীপাৰাত এগৰাকী মহিলাক নিশা গ্ৰেপ্তাৰ কৰাৰ অপৰাধত আদালতৰ নিৰ্দেশত জিলা আৰক্ষী অধীক্ষককে ধৰি সংলিষ্ট বিষয়াক বদলি কৰিবলৈ বাধ্য হৈছিল।

Leave A Reply