চাপৰমুখত ৰেলৰ পৰা পৰি নিহত আৰক্ষী জোৱান

চাপৰমুখ ৰেল আৰক্ষী থানাৰ অন্তৰ্গত ঠেকেৰাগুৰি আৰু চাপৰমুখ ষ্টেচনৰ মাজৰ দীঘলিআটিত কালি নিশা ৰেলৰ পৰা পৰি শংকৰজ্যোতি নাথ (২৪) নামৰ এজন আৰক্ষী জোৱান নিহত হয় ৷জানিব পৰা মতে কৰিমগঞ্জত ১৫ আই আৰ বি এনত কৰ্মৰত আৰক্ষী জোৱান জনে নামনি মুৱা শিলচৰ- গুৱাহাটী এক্সপ্ৰেছ ৰেল খনৰে চাপৰমুখলৈ আহি আছিল ৷এক্সপ্ৰেছ ৰেল খন চাপৰমুখ ষ্টেচনত ষ্টপেজ নথকাৰ বাবে ৰেল খনে চাপৰমুখ ষ্টেচন অতিক্ৰম কৰাৰ পাছতে ৰেল খনৰ পৰা নামিবৰ বাবে  জাপ মাৰি দিয়ে আৰু তীব্ৰ বেগী ৰেল খনৰ পৰা পৰি আৰক্ষী জোৱান জনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷পাছত ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু  চিকিৎসালয়ত পৰিয়ালৰ লোকে মৃতদেহটো চমজি লয় ৷মৃত জোৱান জনৰ ঘৰ চামগুৰি খাটোৱাল বুলি জানিব পৰা গৈছে৷

Related Articles