শিলচৰৰ কাটিগড়া বিহাৰা আউটপোষ্টৰ(Police Officer Surajit Deka)দায়িত্বত থকা আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ দুৰ্ভাগ্যজনক মৃত্যুৱে এতিয়া নানান প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু গুটখা খাই হোৱা বুলি বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়তে আৰক্ষী বিষয়াগৰাকীৰ অতি ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথ্য৷ আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰা মতে সুৰজিৎ ডেকাই গুটখাতো বাদেই তামোল এখনো খোৱা নাছিল৷ তেনেস্থলত কিয় তেওঁৰ মৃত্যু গুটখা খাই হোৱ বুলি প্ৰচাৰ চলোৱা হৈছে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে৷
বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী বিষয়া সুৰজিৎ ডেকা প্ৰথমতে এগৰাকী শিক্ষক আছিল আৰু পিছত অসম আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ অসম আৰক্ষীত যোগদান কৰিছিল৷ তামোল এখনো নোখোৱা সুৰজিৎ ডেকা আছিল দুষ্ট চক্ৰৰ বিৰুদ্ধে অতি কঠোৰ আৰক্ষী বিষয়া৷ মৃত্যুৰ মাত্ৰ কেইদিন মান পূৰ্বে তেওঁ কাছাৰৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক খেদি খেদি কৰায়ত্ব কৰিছিল৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে আৰক্ষী বিষয়া সুৰজিৎ ডেকাই ড্ৰাগছ মাফিয়াজনে আৰক্ষীৰ পৰা বাচিবলৈ এটা পুখুৰীত জঁপিয়াই দিয়াৰ পিছতো সুৰজিৎ ডেকাই পুখুৰীত নিজে নামি ড্ৰাগছ মাফিয়াজনক ধৰিছিল৷ এনে দুঃসাহসিক কামৰ বাবে সুৰজিৎ ডেকাক আগষ্ট মাহত সাহসিকতাৰ বঁটা দিয়াৰ কথা আছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে৷
কিন্তু তাৰ পূৰ্বেই সুৰজিৎ ডেকাৰ মৃতদেহ উদ্ধাৰ হোৱাত বহুতেই এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে৷ আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ মৰণোত্তৰ প্ৰতিবেদনত কি পোৱা গৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিশেষ সূত্ৰটোৱে ড্ৰাগছ মাফিয়াই সুৰজিৎ ডেকাক হত্যা কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে৷ সূত্ৰটোৱে লগতে কয় যে হয়তো আৰক্ষীৰেই আন কোনো লোক ড্ৰাগছ মাফিয়া চক্ৰটোৰ সৈতে গাখীৰ-মিঠৈ সম্পৰ্ক বজাই ৰাখিছিল৷ যাৰ পৰিণতিত সুৰজিৎ ডেকাৰ মৃত্যু গুটখা খাই হোৱা বুলি প্ৰচাৰ চলোৱা হৈছে৷ বিভিন্নজনে এতিয়া সেয়ে সুৰজিৎ ডেকাৰ মৃত্যুৰ সঠিক তদন্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷