চৰকাৰী খৰচত আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষী বিষয়াইঃ মুখ্যমন্ত্ৰী

PSO কৰ্তনক লৈ দৃঢ়স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মন্ত্ৰী ,বিধায়কৰ পিছত PSO কৰ্তন হ’ব আৰক্ষীৰ ৷ অতিৰিক্ত, আইন বৰ্হিভূত PSO ৰাখিব নোৱাৰে আৰক্ষীয়ে ৷ চৰকাৰী খৰচত নিয়োজিত PSOক আৰক্ষীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব নিজ গৃহত ৷ দীৰ্ঘদিনে অসম আৰক্ষীত চলি অহা এই অশুভ পৰম্পৰা অৱসান ঘটাবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যাৰবাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা বেটেলিয়ান কামাণ্ডেণ্টলৈ জৰুৰী পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ৷

কোনে, ক’ত, কিমান বেটেলিয়ান জোৱান ৰাখিছে আৰক্ষী বিষয়াই? ১০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক লিখিত প্ৰতিবেদন লাগে কামাণ্ডেণ্টৰ পৰা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশক আদৰণি জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ‘ৰাজনৈতিক মেৰপাকৰ পৰা এতিয়া আৰক্ষী মুক্ত ৷ সেয়ে বিনাদ্বিধাই মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ সক্ষম হম ৷’ উল্লেখ্য যে, ৰাজ্যত ইতিমধ্যে ৭০০গৰাকী PSO প্ৰত্যাহাৰ কৰিছে মন্ত্ৰী-বিধায়কে ৷ মুখ্যমন্ত্ৰীৰ লক্ষ্য ২ হাজাৰক PSO মুক্ত কৰা হ’ব ৷

Related Articles