বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত মেনকা বাগান, কালানদী, পাটকীজুলী আৰু হৰতোলাত অবৈধ চুলাইৰ বিৰুদ্ধে দৰঙামেলা আৰক্ষীৰ অভিযানত লিটাৰে লিটাৰে দেশীয় সুৰা জব্দৰ লগতে ভাঙি দিয়া হয় অবৈধ চুলাৰ ঘাটি। দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে ৰ নেতৃত্বত আৰক্ষীৰ এটি সজাতি দলে আজি আবেলি সময়ত মেনকা বাগান, কালানদী, পাটকীজুলী আৰু হৰতোলাত প্ৰৱেশ কৰি প্ৰায় ৫০০ লিটাৰ দেশীয় সুৰা নষ্ট কৰিবলৈ সক্ষম হয়। উল্লেখ যে, দীৰ্ঘ দিনে বৃহত্তৰ অঞ্চলটোত অব্যাহত আছিল এই চুলাই মদৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ এনে কাৰ্যক দৰঙামেলা ৰ সচেতন ৰাইজে প্ৰসংশা কৰে।


