Breaking

গোৱালপাৰা চহৰৰ কিচমৎপুৰত আৰক্ষীৰ অভিযান …

0 26

গোৱালপাৰা খন হৈ পৰিছে এতিয়া নকল ব্যৱসায়িৰ স্থলী,গোৱালপাৰাত দিনক দিনে বৃদ্ধি পাইছে অপৰাধ জনীত ঘটনা, মন কৰিবলগীয়া কথা যে একাংশ দুস্কৃতীকাৰীয়ে গোৱালপাৰা খনক অপৰাধৰ ঘাটি বনাবলৈ বিছাৰি আহিছে যদিও আৰক্ষী প্ৰশাসনে ও কিন্তু সিমানেই সস্তম হোৱা পৰিলক্ষিত হৈছে, যোৱা নিশা গোৱালপাৰা চহৰৰ কিচমৎপুৰত গোপন সুত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষী বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা সজাতি দলে উক্ত অঞ্চলটোত চলায় এক অভিযান, আৰক্ষীৰ অভিযান কালত ওলাই পৰে জোলঙাৰ মেকুৰি।

কিচমৎপুৰৰ মনোৱাৰ হুচেইন নামৰ এজন ব্যাক্তিৰ ঘৰতে প্ৰস্তুত কৰা হয় দুই নম্বৰি জালি মবিল। ফেক্টৰিত কাম কৰি থকা অৱস্হাতে আৰক্ষীৱে আটক কৰে দুইজন যুৱকক,নাম সমূহ ক্ৰমে আৰৱাজ হুচেইন আৰু ইব্ৰাহীম হুচেইন। যুৱক দুজনৰ ভিতৰত এজন হৈছে ঘৰ মালিক মনোৱাৰ হুছেইনৰ পুত্ৰ আৰু আনজন জোঁৱাই ।

দীৰ্ঘদিনৰ পৰাই মনোৱাৰ হুছেইনে ঘৰতে নামি দামি কোম্পানীৰ লেবেল লগাই প্ৰস্তুত কৰি আহিছিল দুই নম্বৰী মবিল। কেষ্ট্ৰল, বাজাজ, জি টি এক্স আদি নামৰ লেবেল ব্যৱহাৰ কৰি বজাৰত মেলি দিছিল এই জালি মবিলসমুহ। অৱশেষত যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰত ভিত্তিত অভিযান চলাই দুই নম্বৰী মবিল ফেক্টৰীটো উৎখাত কৰাৰ লগতে দুয়োজনক আটক কৰে।

গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই জনায় যে কালি সন্ধিয়াৰ পৰাই আৰাম্ভ কৰিছিল এক অভিযান আৰু এই অভিযানৰ অন্তত নিশা প্ৰায় ৯ মান বজাত উক্ত মবিলৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয়, মবিলৰ ঘাটিটোৰ লগত জড়িত থকা এজনো সাৰি যাব নোৱাৰে বুলি উপ আৰক্ষী অধীক্ষক শৰ্মাই জনায়, লগতে শৰ্মাই জনায় ঘাটিটোৰ পৰা উল্লেখ কৰা সকলো সামগ্ৰী জব্দ কৰা হৈছে। উল্লেখ্য যে এই অভিযান কালত সদৰ আৰক্ষী বিষয়া দাসক সহযোগ কৰে গোৱালপাৰা নগৰ আৰক্ষী বিষয়া নিপু মনি চৌধুৰীয়ে।

Leave A Reply