বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে বৰপেটা চহৰৰ তিনিজনকৈ মাটিৰ দালালৰ বাসগৃহত তালাচী অভিযান চলায়। বৰপেটা চহৰৰ ধৃত ৰমেন দাস, ধ্ৰুৱ দাস আৰু গোবিন্দ দাসৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত চলোৱা তালাচীৰ সময়ত ৰমেন দাসৰ ঘৰৰ পৰা মাটিৰ দলিলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিবলৈ শৈক্ষম হয় আৰক্ষীয়ে ৷ ইপিনে বৰপেটা চহৰত মাটিৰ দালালৰ বাসগৃহত চলা তালাচী সম্পৰ্কত আৰক্ষীয়ে সাংবাদিকক কোনো তথ্য প্ৰদান নকৰিলে ৷উল্লেখ্য যে বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৪৩ জনকৈ মাটিৰ দালালৰ ভিতৰত ৯ জনক ৭ দিনৰ আৰক্ষী জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

