২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন। ৰাজ্যত বলৱৎ হৈ থকা নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। ইয়াৰ মাজতে ডিব্ৰুগড়ত মঙ্গলবাৰ আৰু বুধবাৰে বৃহৎ পৰিমানৰ ধন জব্দ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ লাহোৱাল ৰে’লৱে ক্ৰছিঙৰ পৰা মঙ্গলবাৰে ৩ লাখ ৮০ হাজাৰ টকা নগদ ধন জব্দ কৰাৰ পিছতে বুধবাৰে ১ লাখ ২৫ হাজাৰ টকা জব্দ কৰিছে লাহোৱাল আৰক্ষীয়ে। লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলোৱা নিয়মীয়া তালাচীৰ সময়ত মুঠ ৫ লাখ ৫ হাজাৰ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে জব্দকৃত ধনসমূহ জিলা প্ৰশাসনে গঠন কৰি দিয়া ফ্লায়িং স্কোৱাড, ভিডিঅ’ চাৰ্ভিলেন্স, ষ্টেটিক চাৰ্ভিলেন্স দলক চমজাই দিয়ে। ইতিমধ্যে নিৰ্বাচনী আচৰণবিধি বলৱতৰ ক্ষেত্ৰত এই দলটোৱে জিলাখনৰ ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে।

