বিগত সময়ত পৰা ড্ৰাগছ মাফিয়াৰ ত্ৰাস সৃষ্টি কৰি অহা গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ আন এক বৃহৎ সফলতা লাভ কৰে। এক গোপন সূত্ৰৰ পম খেদি নিশা ১১ বজাত শ্ৰীৰামপুৰ গেটস্থিত শিমুলটাপু আৰক্ষীৰ নাকা চকীত আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমচেঙৰ নেতৃত্বত তালাচী চলাই UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকৰ পৰা এক বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে। পিছত ট্ৰাকখনৰ ভিতৰ কক্ষত তালাচী চলাই আৰক্ষীয়ে ৭৫ কাৰ্টুন কোৰিয়ান চিগাৰেট জব্দ কৰে। ধৃত গাড়ীৰ চালক আৰু সহকাৰী চালক ক্ৰমে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম (৩৯) আৰু আছিফ আলী (৩০)। যাৰ বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই জানিব দিয়ে। UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাকখনেৰে কোৰিয়ান চিগাৰেটখিনি লৈ তিনিচুকীয়াৰ পৰা পশ্চিম বংগলৈ গৈ আছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।