দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কেশাৰভিটা গাৱত যোৱা নিশা গোপন সুত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু কনিষ্টবল শ্বৰীফ হাজৰিকাৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে এক অভিযান চলায়।উক্ত অভিযান কালত মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ,নেনো গাড়ী (ML-14- 3207,) সহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি থানা লৈ লৈ আহে লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ yava নিচাজাতীয় টেবলেট সমুহ জব্দ কৰে। পিছত আৰক্ষীয়ে জোৰডাংগা গাৱৰ জিনাৰুল ইছলাম আৰু ফকিৰগঞ্জৰ ৰহমত আলী নামৰ যুৱকদ্বয়ক আটক কৰে। ৰহমত আলীয়ে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জোৰডাংগা গাৱৰ জিনাৰুল ইছলামৰ নিচাজাতীয় টেবলেট সমুহ চমজাই দিবলৈ আহিছিল। লক্ষ্যনীয় যে,মানকাচৰৰ জোৰডাংগা গাৱৰ উক্ত জিনাৰুল ইছলামক কেইবা মাহ পূৰ্বে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছিল।দুই মাহ আগতে জেলৰ পৰা মুকলি হৈ পুনৰ ড্ৰাগছ বেহাত নামি পৰে। কিন্তু কালি পুনৰ ড্ৰাগছ সহ আটক হয় যদিও মানকাচৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ক্ষীতিশ ৰায় আৰু আৰক্ষী শ্বৰীফ হাজৰিকাক বৃহৎ পৰিমাণৰ ধনেৰে মেনেজ কৰি নিশাৰ ভিতৰতে থানাৰ পৰা মুক্তি লাভ কৰে। অৱশ্যে ফকিৰগঞ্জৰ ড্ৰাগছ সৰবৰাহকাৰী ৰহমত আলীক কোৰ্টলৈ প্ৰেৰণ কৰি উক্ত বিষয়টো গাপ দিয়াৰ অপচেষ্টা কৰিছে। কিন্তু নেনো গাড়ী (ML-14- 3207) খন এতিয়াও মানকাচৰ আৰক্ষী থানাত ৰখা হৈছে।এই ক্ষেত্ৰত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে ,সেয়া লক্ষ্যনীয় হ’ব।

