ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী আমিন পাৰাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ পৰা ১৯ আগষ্টৰ নিশা প্ৰায় ১০ -২০ বজাত ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে ৯২ খন নতুন টিনপাত উদ্ধাৰ কৰে । আনুমানিক ৩ লাখ টকা মূল্যৰ এই টিনখিনি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰি লগে লগে থানাত আনি ৰাখি থৈছে ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে । অৱশ্যে এই মূল্যৱান নতুন টিনপাতখিনি কাৰ আছিল আৰু কেনেকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰি থাকিল । সেই বিষয়ে আজিলৈকে আৰক্ষীয়ে একো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাৰ লগতে কোনো ব্যক্তিয়ে বিচাৰি পৰ্যন্ত অহা নাই বুলি জানিব পৰা গৈছে ।

