Breaking

ৰৌতাত আৰক্ষীৰ তৎপৰতাত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা কেইবা লাখ টকাৰ টিনপাত উদ্ধাৰ

0 1,536

ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী আমিন পাৰাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ পৰা ১৯ আগষ্টৰ নিশা প্ৰায় ১০ -২০ বজাত ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে  ৯২ খন নতুন টিনপাত  উদ্ধাৰ কৰে । আনুমানিক ৩ লাখ টকা মূল্যৰ  এই টিনখিনি  ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰি  লগে লগে থানাত আনি ৰাখি থৈছে ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে । অৱশ্যে এই  মূল্যৱান  নতুন টিনপাতখিনি কাৰ আছিল আৰু কেনেকৈ  ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰি থাকিল । সেই বিষয়ে আজিলৈকে আৰক্ষীয়ে  একো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাৰ লগতে কোনো ব্যক্তিয়ে বিচাৰি পৰ্যন্ত অহা নাই বুলি জানিব পৰা গৈছে । 

Leave A Reply