মুছলপুৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ্,অবৈধ সুৰা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষীয়ে মুছলপুৰত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ জানিব পৰা মতে আজি পুৱা মুছলপুৰৰ বেলগুৰি চ’কত আৰক্ষীৰ এটা দলে অইন দিনাৰ দৰে ৰাজপথত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত এখন গাড়ীত উদ্ধাৰ হয় অবৈধ বিলাতী সুৰাখিনি ৷ এমএল ০৮ ই ৩৭৭৩ নম্বৰৰ মেঘালয়ত পঞ্জীয়ণভুক্ত ইক’ গাড়ীৰে মুছলপুৰৰ দিশৰ পৰা নিকাছী অভিমুখে নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৪৫ কাৰ্টনকৈ বিলাতী সুৰা ৷ ইয়াৰ ভিতৰত ১৫ কাৰ্টন কিং ফিচাৰ বিয়েৰ আৰু ৩০ কাৰ্টন হিমেন ৯০০০ বিয়েৰ। সুৰাখিনিৰ সৈতে গাড়ীচালক চন্দন দাস আৰু চন্তৰা গয়াৰীক আটক কৰে মুছলপুৰ আৰক্ষীয়ে ৷

Related Articles