Breaking

মাজবাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ…

0 83

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেৰ নিৰ্দেশ মৰ্মে আৰক্ষী থানা খনৰ এছ আই কুশল চন্দ্র নাথ আৰু চিত্রনীল দাসৰ নেতৃত্বত এদল আৰক্ষীয়ে দিনে নিশাই মাজবাট অঞ্চলৰ বিভিন্ন গাওঁ,চাহ বাগিচা, মাজবাট টাউনৰ আশে পাশে বিলাতি সুৰা বিচাৰি চলাইছিল অভিযান।

উক্ত অভিযানত মাজবাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতি সুৰা জব্দ কৰিবলৈ সক্ষম হয়। বিলাতি সুৰাৰ লগতে বিয়েৰৰ বটলও জব্দ কৰে।

আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে সাংবাদিকক কয় যে মাজবাট অঞ্চলত অবৈধ ভাবে বিক্রি কৰা বিলাতি সুৰাৰ বিৰুদ্ধে আমাৰ অসম পুলিশে চলাই যাব অভিযান। মাজবাট আৰক্ষীৰ এনে অভিযানক সচেতন লোকে প্ৰশংসা কৰা দেখা যায়।

Leave A Reply