লাহৰীঘাট আৰক্ষীৰ অমানবীয় কাণ্ডৰ বলি এই গৰাকী মাতৃ। নাম ৰুক্মিনা বেগম।নিজৰ আঢ়ৈ বছৰীয়া সন্তানক বুকত নাপাই কান্দিছে মাতৃ গৰাকীয়ে। শুক্ৰবাৰে এইগৰাকী ৰুক্মিনা বেগমেই স্বামী আমিনুল হকৰ বিৰুদ্ধে লাহৰীঘাট থানাত গোচৰ তৰিছিল। ড্ৰাগছ আসক্ত, স্বামী আমিনুলে আধাৰ কাৰ্ড বনাম বুলি আঢ়ৈ বছৰীয়া পুত্ৰক ৰুক্মিনাৰ পৰা আনি ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল ড্ৰাগছৰ বাবে। ৰুক্মিনাৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ৰুক্মিনাৰ আঢ়ৈ বছৰীয়া পুত্ৰক উদ্ধাৰ কৰি ৰুক্মিনাক চমজাই দিছিল।কিন্তু পুণৰ উদ্ধাৰ হোৱা সন্তান টোক লাহৰীঘাট আৰক্ষীয়ে মাতৃৰ বুকুৰ পৰা আনি প্ৰক্ষেপ কৰিলে চাইল্ড হুমত। ব্যক্তিগত জামিনত মুকলি কৰি দিলে কৰায়ত্ব ড্ৰাগছ সৰবৰাহকাৰী ৰুক্মিনাৰ স্বামী আমিনুলক।ৰুক্মিনাৰ অভিযোগ মতে লাহৰীঘাট থানাৰ OC অদিত বড়োৱে সাংবাদিকক ৰুক্মিনাই ঘটনাৰ বিষয়ে জনোৱাৰ বাবেই তাৰ খঙতে সন্তান টি চাইল্ড হুমলৈ প্ৰেৰণ কৰে। মাতৃৰ এনে অভিযোগৰ পাছত সৰ্বতে প্ৰতিক্ৰীয়া সৃষ্টি হৈছে।

