অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অতি দুৰ্গম এলেকা অনথাইবাৰীত আৰক্ষীৰ গুলীত নিহত হৈছে এজন এন এল এফ বি(NLFB) সদস্য। নিহত সদস্য জন ওদালগুৰি জিলাৰ ১ নং গৰাইবাৰীৰ দাউদ নাৰ্জাৰী পুএ জিপ্ৰিয়ুছ নাৰ্জাৰী (৩০) বুলি জানিব পৰা গৈছে। নিহত দুৰ্ধৰ্ষ উগ্ৰপন্থী জনৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু কেবাজাই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আৰক্ষী সুত্ৰে জানিব পৰা মতে অসম অৰুনাচল সীমান্তৱৰ্তী অতি দুৰ্গম পাহাৰ অঞ্চলত এক গোপন সুত্ৰৰ পম খেদি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে অনথাইবাৰী এলেকাত নতুনকৈ জন্মলাভ কৰা এন এল এফ বি নামৰ উগ্ৰপন্থী সংগঠনটোৰ ওদালগুৰি জিলা কামাণ্ডাৰ দায়িত্বত থকা জিপিযুছ নাৰ্জাৰীযে আত্মগোপন কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰিছিল ।এই গোপন খবৰৰ ভিত্তিতেই ১৩ জুলাই নিশা ২ বজাৰ পৰা অনথাইবাৰী এলেকাটো ঘেৰাও কৰি ৰাখিছিল ।আৰু আজি পুৱতি নিশা উগ্ৰপন্থী সংগঠনৰ সদস্য জন আৰক্ষীৰ এনকাউন্টাৰ মৃত্যু হয় । যদিও লগত থকা আন এজন সংগঠনটোৰ সদস্য পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

