ৰাজ্যত চলি থকা মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে যোৱাকালি বিয়লি ৰহাত চলিল আৰক্ষীৰ বৃহত সফল অভিযান। এই অভিযানত বৃহত পৰিমাণৰ হেৰ’ইন সহ দুজন সৰবৰাহকাৰীক ৰহা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি দুজনৰ নাম আনোৱাৰ হুছেইন(৩১) আৰু আছিকুৰ ৰহমান(২৮)। দুয়োৰে ঘৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাজবাটমাৰী আৰু শালমৰাত। আৰক্ষীয়ে তেঁওলোকৰ পৰা ৩০টা হিৰ’ইন ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে ৰহা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বহু সময় ধৰি অভিযান চলাই থাকি ৰহা মহাবিদ্যালয়ৰ গেটৰ ৰাষ্ট্ৰীয় ঘাই পথত বিশেষ কৌশলেৰে আটক কৰে দুয়োজনক। লগতে জব্দ কৰে এ এচ -০২ এ ,বি -১৯০৩ নম্বৰৰ এখন এল্ট বাহন। উল্লেখ্য যে,মৰিগাঁও জিলাৰ পৰা শালমৰালৈ অহা হিৰ’ইন কিনিবলৈ আৰক্ষীয়ে দৰদাম কৰি কিনিবলৈ চেষ্টা কৰি গাড়ীখন আগুচি ধৰাত সৰবৰাহকাৰী এজনে আৰক্ষীৰ হাতত কামুৰি পলায়নৰ চেষ্টা চলাইছিল যদিও ৰহা আৰক্ষীৰ তৎপৰতাত খেদি খেদি পলাবলৈ বিচৰা যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও চালক জনে গাড়ীৰ পৰা দৌৰি পলাই যায় ।

