স্মাৰ্ট আৰক্ষীৰ কৰ্মকাণ্ডই এতিয়া চকু কপালত তুলিছে জনসাধাৰণৰ। তদন্তৰ নামত গাফিলতি, ভুৱা এনকাউন্টাৰৰ বিতৰ্কই লগ এৰা নিদিয়া স্মাৰ্ট আৰক্ষীয়ে এইবাৰ বিকল ফোন নম্বৰ ৰাজহুৱা কৰি পুনৰ জড়িত হৈ পৰিছে আন এক বিতৰ্কত। গুৱাহাটী মহানগৰীৰ চিটিবাছ সমূহত আৰক্ষীৰ দ্বাৰা প্ৰকাশিত দুটা হোৱাটছ নম্বৰ। এটা হৈছে ৬৯০১২ ৬৯০০৬ আৰু আনটো হৈছে ৬০২৬১ ৭৬৭৫৫। উদণ্ড সুৰাপায়ীক প্ৰত্যক্ষ কৰিলে জনসাধাৰণক এই দুই হোৱাটছ এপ নম্বৰত সবিশেষ অবগত কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছিল। পিছে দুয়োটা নম্বৰ বিকল হোৱাত এতিয়া সুৰাপায়ী উদণ্ড ব্যক্তিৰ খবৰ দিবলৈ অপৰাগ জনতা।
নম্বৰ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰা বিভাগটোৰ খবৰ নাই নম্বৰ কেইটা সক্ৰিয় হৈ আছে নে পৰীক্ষা কৰিবলৈ। এনেকৈয়ে অসম আৰক্ষীয়ে জনহিত জনস্বাৰ্থৰ প্ৰতিশ্ৰুতি পালন কৰি আহিছে। মহানগৰ আৰক্ষীৰ নাকৰ তলতেই অপৰাধীৰ ভূস্বৰ্গলৈ পৰ্যবসিত হৈছে মহানগৰখন। নিৰাপত্তাহীনতাত ভুগিছে কৰদাতা মহানাগৰিক। জনতাক সহায় সহযোগিতা জনাবলৈ আৰক্ষীৰ আহ্বান এতিয়া মাথো এক আস্ফালন বুলি মন্তব্য কৰিছে সংখ্যাগৰিষ্ঠ মহানাগৰিকে।

