ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election

৬ এপ্ৰিল,২০২৫ : election । বুধবাৰে অনুষ্ঠিত হ’বলগা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যৰ ১৩ খন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ সমজিলাত ২৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। কিন্তু বঞ্চিত হ’ব ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক কেশৱ মহন্ত। মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা পৰিষদ চতিয়াল-পূৱথৰীয়াত বিজেপি-অগপ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী পণ্যলতা বৰুৱা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

তদ্ৰুপ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী দীপা বৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। আনহাতে, মন্ত্ৰীগৰাকীৰ গৃহ গাঁওসভা তেলীয়া-মৰিয়া (ৱাৰ্ড)ৰ সদস্যগৰাকীও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাত আপাতত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কাৰ্যৰ পৰা বঞ্চিত হ’ল মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে ভোটদান কৰা তেলীয়া গাঁও আঙ্গনৱাড়ী কেন্দ্ৰত এইবাৰ ভোটগ্ৰহণ নহয়। এই সন্দৰ্ভত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – কলিয়াবৰত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত নগৰাকী ৱাৰ্ড চেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। যাৰ বাবে ভোটকেন্দ্ৰ স্থাপন কৰিব লগা নহ’ল।

ফলত আমিও ভোটদান কৰিব লগা নহ’ব। আচলতে আমি ভোটদানৰ পৰা বঞ্চিত হ’লোঁ। কিন্তু কথাটো এনেকুৱা নহয় যে ইয়াত গণতান্ত্ৰিক ব্যৱস্থা নাই। ইয়াৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু প্ৰতিটো ৱাৰ্ডত সাম্ভাব্য প্ৰাৰ্থীসকলে আলোচনা কৰি প্ৰতিদ্বন্দিতা নকৰাকৈ থাকিল। প্ৰতিদ্বন্দিতা নকৰাৰ বাবেহে ভোটদানেৰে নিৰ্বাচিত কৰিবলগা নহ’ল। এফালে আমি দেখিছোঁ, ভোটদান কৰিবলগা হোৱা নাই কিন্তু যিসকল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে তেওঁলোকেও প্ৰতিদ্বন্দিতা কৰিবলৈ বিচৰাসকলৰ লগত যথেষ্ট সমিল-মিলেৰে বুজা-পৰাত উপনীত হ’ল, যিটো অগপ-বিজেপিৰ মিত্ৰতাৰ সুফল বুলি ভাবিছোঁ। মন্ত্ৰীগৰাকীয় এইবাৰ পঞ্চায়ত নিৰ্বাচনত কলিয়াবত সদস্যৰ বাবে ৪১টা ৱাৰ্ডত, দহটা আঞ্চলিক পঞ্চায়ত আৰু দুটা জিলা পৰিষদ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলি জনাই। মন্ত্ৰীগৰাকীৰ গৃহ গাঁও পঞ্চায়তৰ নটা ৱাৰ্ডৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বৰভকতিৰ এটা ৱাৰ্ডত ভোটগ্ৰহণ হ’ব।

Related Articles